
ধুবুৰী, ২৬ ডিছেম্বৰ (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰৰ আলমগঞ্জ বজাৰত এটা গভাইত চোৰক আটক কৰা হৈছে। ৰাইজে উত্তম মাধ্যম সোধাই গতাই দিলে আৰক্ষীৰ হাতত। কালি সন্ধিয়াৰ ভাগত আলমগঞ্জ বজাৰৰ এখন গেলামাল দোকানৰ পৰা চোৰ কৰি পলায়ন কৰাৰ সময়ত হাতে লোটে আটক কৰে চোৰটোক।
দীৰ্ঘদিনৰ পৰাই আলমগঞ্জ বজাৰত চলিছে চোৰৰ উপদ্ৰৱ। দিনে নিশাই চোৰে চলাই গৈছে ছাফাই অভিযান। কেতিয়াবা যদি গেলামাল দোকানত চলাইছে অভিযান আৰু কেতিয়াবা পানৰ দোকানত চুৰি কাণ্ড সংঘটিত কৰি আতংকৰ সৃষ্টি কৰি আহিছে। ইফালে যোৱাকালি দোকানী জনে দোকানৰ ভিতৰত থকা সময়তেই উক্ত ঘটনা সংঘটিত কৰে চোৰটোয়ে। জানিব পৰা মতে চোৰটো আলমগঞ্জ নবম খণ্ড গাঁৱৰ জয়ান আলী বুলি পৰিচয় পোৱা গৈছে। ইতিমধ্যে ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষী উপস্থিত হৈ চোৰটোক থানালৈ লৈ যায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
