কাৰ্বি আংলং, ১১ জুলাই (হি.স.): অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰ বাবে বৃহস্পতিবাৰ বিয়লি ডিফুত ৰে’লযোগে উপস্থিত হয় । সম্পূৰ্ণ ৰাজকীয় প্ৰটক’লৰ অধীনত ডিফু ৰেলৱে ষ্টেচনত তেওঁৰ উষ্ম আদৰণি জনায় কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাং, পৰিষদৰ মুখ্য সচিব মুকুল কুমাৰ শইকীয়া, সাংসদ অমৰচিং তিছো, বিধায়ক বিদ্যাচিং ইংলেং, দৰচিং ৰংহাং, লগতে জিলা উপায়ুক্ত নিৰলা ফাংচপী আৰু আৰক্ষী অধীক্ষক সঞ্জীত কুমাৰ শইকীয়াই।
তেওঁৰ আগমনৰ পাছত ৰাজ্যপাল গৰাকীয়ে ডিফু ৰে’ল ষ্টেচনৰ পৰা পোনে পোনে তাৰালাংচোৰ কাজিৰ ৰংহাংপী অতিথিশালালৈ যায়। তাৰ পাছত বিয়লি সময়ত সমাজকৰ্মী, বিশিষ্ট ব্যক্তি আৰু পদ্মশ্ৰী বঁটা প্ৰাপ্ত স্বাধীনতা সংগ্ৰামীসকলৰ সৈতে মত বিনিময় কৰে। তাৰ পিছতেই মুখ্য কাৰ্যবাহী সদস্য আৰু অন্য কাৰ্যবাহী সদস্যসকলৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰে। পাছত তেওঁ কাৰ্বি আংলঙৰ বিভিন্ন বিভাগৰ সৈতে বৈঠক কৰিবলৈ তাৰালাংচোলৈ যায়। সন্ধিয়া তেওঁ তাৰালাংচোৰ ছাৰটালিন হলত এক সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
