
শোণিতপুৰ, ২৩ ডিছেম্বৰ (হি.স.): শোণিতপুৰ জিলাৰ তেজপুৰ বৰঘাট আৰক্ষী চকীৰ অন্তৰ্গত নপাম চেন্টাৰ পোৱাৰ আগতে নৱ নিৰ্মিত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত যোৱাকালি নিশা ৭.৩০ মান বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।
প্ৰত্যক্ষদৰ্শীৰ পৰা জানিব পৰা মতে নপাম চেণ্টাৰৰ পৰা পাচঁমাইল অভিমুখে গৈ থকা এএছ ১২ ইআৰ ৩৯৫০ নম্বৰৰ ই ৰিক্সাখন চাৰিলেন যুক্ত পথ পাৰ হ’বলৈ লওঁতেই বিশ্বনাথ চাৰিআলিৰ পৰা আহি থকা এএছ ০১ এফআৰ ০৯৩৫ নম্বৰৰ চাৰি চকীয়া বাহনে খুন্দা মৰাৰ ফলত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। উক্ত পথ দুৰ্ঘটনাত ই ৰিক্সাৰ চালক ছুবুৰ আলীৰ লগতে আৰোহী ছাইফুল ইছলাম আৰু আশ্ৰাফুল ইছলাম গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়।
ঘটনা স্থলীত স্থানীয় ৰাইজৰ লগতে আৰক্ষী উপস্থিত হৈ আহত সকলক অতি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
