নতুন দিল্লী, ১৩ জানুৱাৰী (হি.স.)। অহা ২২ জানুৱাৰীত অযোধ্যাৰ শ্ৰী ৰাম মন্দিৰর ‘প্ৰাণ প্ৰতিষ্ঠা’ অনুষ্ঠানৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আমন্ত্ৰণ লাভ কৰিছে।
বিশ্ব হিন্দু পৰিষদৰ আন্তঃৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি আলোক কুমাৰ আৰু মন্দিৰ নিৰ্মাণ সমিতিৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰই ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নড্ডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু গৃহমন্ত্ৰী অমিত শ্বাহক ২২ জানুৱাৰীত শ্ৰী ৰাম মন্দিৰৰ অভিষেকৰ বাবে নিমন্ত্ৰণ পত্র প্রদান কৰে।
জগত প্ৰকাশ নড্ডাই নিমন্ত্ৰণ গ্ৰহণ তেওঁ এই অনুষ্ঠানত উপস্থিত থাকিব বুলি কয়। অমিত শ্বাহ আৰু ৰাজনাথ সিঙে মন্দিৰ নিৰ্মাণৰ কাম আৰু প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচী সম্পূৰ্ণ হোৱাত অপৰিসীম আনন্দ প্ৰকাশ কৰি শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰত আলোচনা কৰি অতি সোনকালে ভ্ৰমণ আৰু দৰ্শনৰ তাৰিখ নিৰ্ধাৰণ কৰিব বুলি কয়।
হিন্দুস্থান সমাচাৰ/সুশীল/মনোজ
