
লক্ষিমপুৰ, ১৯ নৱেম্বৰ (হি.স.): লক্ষিমপুৰৰ বঙালমৰা আৰক্ষীৰ জালত পৰিছে পিতা-পুত্ৰ সহ তিনি নকল সোণ বেপাৰী। শনিবাৰে সন্ধিয়া আৰক্ষীয়ে আটক কৰা এই তিনিজনে এমাহ পূৰ্বে গুৱাহাটীৰ এখন হোটেলত নকল সোণৰ নাও ৩.৫ লাখ টকাত নকল সোণ বিক্ৰী কৰিছিল ঝাৰখণ্ডৰ লোকক। হোটেলৰ চি চি টিভিত বন্দী হৈছিল সমগ্ৰ দৃশ্য।
ইফালে প্ৰৱঞ্চক চক্ৰটোৰ বিৰুদ্ধে পল্টন বজাৰ আৰক্ষী থানাত ৰুজু হৈছিল গোচৰ। উক্ত গোচৰৰ ভিত্তিতেই আটক তিনি নকল সোণ বেপাৰীক। ধৃত কেইজন হৈছে ক্ৰমে মফিদুল ইছলাম, বিল্লাল হুছেইন আৰু আতিকুল ইছলাম। নকল সোণ বিক্ৰীৰ টকাৰে ক্ৰয় কৰা এটা মোবাইল ফোনো জব্দ কৰে আৰক্ষীয়ে। আটাইকেইটা অভিযুক্তক বঙালমৰা আৰক্ষীৰ পৰা নিজৰ জিম্মাত লৈছে পল্টনবজাৰ আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
