নগাঁও অসমত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত আজি নগাঁও সমষ্টিকে ধৰি ৫ সমষ্টিত পুৱাৰে পৰা ভোট গ্ৰহণ আৰম্ভ হৈছে। নগাঁও সমষ্টিত নিজৰ প্ৰাৰ্থীৰ সমৰ্থনত ৰূপহীহাটৰ কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই পুৱাই ভোট প্ৰদান কৰে। ৮০নং ৰৌমাৰী মুক্তাব স্কুলত প্ৰথমটো ভোট প্ৰদান কৰে বিধায়ক নুৰুল হুদাই।
ভোট প্ৰদানৰ বাবে শাৰীপাতি নিজৰ সময়ৰ বাবে অপেক্ষা কৰি প্ৰদান কৰিলে ভোটদান। সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে ধৰ্ম নিৰপেক্ষৰ ৰক্ষাৰ বাবে ভাতৃত্ববোধ অটুট ৰাখিবলৈ প্ৰগতিৰ বাবে ভোট প্ৰদান কৰা বুলি মন্তব্য কৰে বিধায়ক নুৰুল হুদাই। তেওঁ কয় যে গণতন্ত্ৰৰ শক্তিশালী হোৱাৰ বাবে সকলো ওলাই আহিছে । ৰূপহীহাটৰ ভোটাৰক নিজৰ নিজৰ ভোট প্ৰদান কৰি দেশত সু শাসন প্ৰৱৰ্তন কৰি দেশত শান্তি সম্প্ৰীতি ৰক্ষা কৰিবলৈ আহ্বান জনায় বিধায়ক গৰাকীয়ে।
