গুৱাহাটী, ১২ ডিছেম্বৰ(হি.স.)। গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ চৌহদৰ ভিতৰত থকা প্ৰশাসনিক ভৱনৰ দ্বিতীয় মহলাৰ পৰা জপিয়াই গুৰুতৰভাৱে আহত হয় এগৰাকী ছাত্ৰী। ছাত্ৰী গৰাকী উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত অধ্যয়নৰত আছিল। বিশেষ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, বিশ্ববিদ্যালয় খনৰ প্ৰশাসনিক ভৱনৰ দ্বিতীয় মহলাৰ পৰা জঁপিয়াই আহত হয় ছাত্ৰী গৰাকী। ছাত্ৰী গৰাকী গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।
বিশ্ববিদ্যালয় কৰ্তৃপক্ষক তৎক্ষণাত পথচাৰী ছাত্ৰ-ছাত্ৰীয়ে জনোৱাৰ পিছতে তেওঁক ততাতৈয়াকৈ চহৰখনৰ নেমকেয়াৰ চিকিৎসালয়লৈ লৈ যায়। বৰ্তমান তেওঁ ইনটেনচিভ কেয়াৰ ইউনিট (আই চি ইউ)ত চিকিৎসা সেৱা লাভ কৰি আছে বুলি সূত্ৰই অধিক অৱগত কৰে। সন্দেহ কৰা হৈছে যে তেও আত্মহত্যাৰ প্ৰচেষ্টা চলাইছিল কাৰণ ছাত্ৰী গৰাকীৰ কোঠাৰ পৰা এখন টোকা উদ্ধাৰ কৰা হৈছিল য’ত লিখা আছিল -এই সকলোবোৰ মোৰ দোষ আছিল।তাইৰ এই চৰম পদক্ষেপ লোৱাৰ আঁৰৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। অধিক বিৱৰণৰ বাবে অপেক্ষা কৰি আছে। ছাত্ৰীগৰাকীৰ ঘৰ গোৱালপাৰাত বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, প্ৰায় দুমাহ ধৰি মানসিক চাপত ভুগি আছিল ছাত্ৰীগৰাকী।
হিন্দুস্থান সমাচাৰ /ৰমেন/মনোজ
