কোকৰাঝাৰ, ২৪ আগষ্ট (হি.স.): কোকৰাঝাৰ জিলাৰ বাওঁখুংগ্ৰী সমষ্টিৰ ভাটিপাৰাত বিপিএফৰ সমৰ্থকৰ বিৰুদ্ধে মাজ নিশা ভিচিডিচিৰ অধ্যক্ষ সহ ইউপিপিএলৰ চাৰি সমৰ্থকৰ বাসগৃহত তাণ্ডৱ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। যুৱ বিপিএফৰ সাংগঠনিক সম্পাদক লৈহোৰ গয়াৰীৰ বিৰুদ্ধে গুণ্ডাবাহিনী লৈ মাৰণাস্ত্ৰৰে ইউপিপিএলৰ সমৰ্থকক গুলীয়াই হত্যা কৰাৰ ভাবুকি প্ৰদানৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰা হৈছে।
বিটিআৰৰ শাসকীয় প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলে ইতিমধ্যে ওঠৰ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা কৰি দলীয় নেতা-কৰ্মী সকলে কিছু আনন্দ-স্ফুৰ্তি কৰাৰ সময়তে কোকৰাঝাৰ জিলাৰ বাওঁখুংগ্ৰী পৰিষদীয় সমষ্টিৰ ভাটিপাৰা গাঁৱত বৃহস্পতিবাৰৰ মাজ নিশা বিপিএফৰ সমৰ্থকৰ বিৰুদ্ধে ইউপিপিএলৰ সমৰ্থকৰ বাসগৃহত তাণ্ডৱ চলাই এক অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷
ঘটনাৰ বিৱৰণী অনুসৰি মাজনিশা কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গতভাটিপাৰা ভিচিডিচিৰ ভাটাপাৰা গাঁৱত যুৱ বিপিএফৰ সাংগঠনিক সম্পাদক লৈহৌৰ লৈহোৰ গয়াৰীয়ে লগত সাত আঠ জনীয়া গুণ্ডা বাহিনী লৈ গাঁৱখনৰ ইউপিপিএল দলৰ চাৰি গৰাকী সমৰ্থকৰ বাসগৃহত গৈ নঙলা মুখৰ গেট, টিনৰ বেৰ আদি ভাঙি-ছিঙি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতেমাৰণাস্ত্ৰৰে হত্যা কৰাৰ ভাবুকিৰে ঘৰৰ দুৱাৰ লঠিয়াই -গুৰিয়াই এক আতংকময় পৰিবেশৰ সৃষ্টি কৰে৷ বিশেষকৈ গাঁৱখনৰ সুভাষ বসুমতাৰী, সুদেশ গয়াৰী, সংগিনা নাৰ্জাৰী আৰু দিলীপ নাৰ্জাৰীৰ বাসগৃহৰ বিস্তৰ ক্ষতি সাধন কৰে৷
আনহাতেদি সমগ্ৰ ঘটনাৰ পিচতে ভাটিপাৰাত ইউপিপিএল দলৰ এটা সজাঁতি দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দি দোষীৰ বিৰুদ্ধে অতি শীঘ্ৰে উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰশাসনৰ ওচৰত সজোৰে দাবী উত্থাপন কৰিছে৷ লগতে ঘটনা সন্দৰ্ভত কোকৰাঝাৰ সদৰ থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
