গোলাঘাট, ১০ ছেপ্টেম্বৰ (হি.স.)। সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত এক ডাঙৰ ঘোষণা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে বিগত কেইবামাহ কৈ থকাৰ পিছত অৱেশষত আজি আহি সেই ১০ ছেপ্তেম্বৰ দিনটো পালে। এতিয়া সাংবাদিকেও মুখ্যমন্ত্ৰীক এই প্ৰসংগত প্ৰশ্ন কৰাত আজি মুখ্যমন্ত্ৰীয়ে কয় যে এছ আই টিয়ে তেওঁক প্ৰতিবেদন ৬ বজাত দিয়াৰ পিছতহে ব্যৱস্থা হ’ব ৷ প্ৰতিবেদন তন্নতন্নকৈ পৰীক্ষা কৰাৰ পিছতহে গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ সমগ্ৰ ঘটনা পোহৰলৈ আহিব বুলি তেওঁ কয়।
টিভিত আলোচনা চক্ৰ পাতি এই বিচাৰ কৰিব নোৱাৰি বুলি তাপয্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। দেশৰ সাৰ্বভৌমত্ব ৰ কথা জড়িত হৈ আছে এই সমগ্ৰ ঘটনাত। কাৰণ এই বিষয়ক লৈ চিনেমা, নাটক কৰা নাই বুলিও মন্তব্য কৰে মূখ্যমন্ত্ৰী হিমন্ত বিস্ব শৰ্মাই। তেওঁ প্ৰধানমন্ত্ৰীৰ নুমলীগড় ভ্ৰমমণ সন্দৰ্ভতো কয় যে ভাৰতৰ দ্বীতীয়টো হাইড্ৰজেন প্ৰকল্প নুমলীগড়ত স্থাপন হব।
নুমলীগড় ৰিফেইনেৰী ৫০০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা জৈৱ শোধনাগাৰ প্ৰধানমন্ত্ৰীয়ে উদ্ধোধন কৰিব ১৪ চেপ্টেম্বৰত৷চৰকাৰে আয়োজন কৰা এখন বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব ৷
পলি-প্ৰপিলিন উদ্যোগ ৰ বাবে ৭০০০ কোটি নুমলীগড় শোধনাগাৰ আৰু চৰকাৰে ব্যয় কৰিব ৷ বাঁহ খেতিয়কসকলৰ বাবে আনন্দ আৰু আশাৰ বতৰা কঢ়িয়াই আনিব৷ প্ৰধান মন্ত্ৰীৰ অসম ভ্ৰমন ৰ সময়ছোৱাত সৰ্বমুঠ ১৮০০০ কোটি টকাৰ প্ৰকল্পৰ উদ্ধোধন আৰু আধাৰশিলা হ’ব অসমত।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
