তামুলপুৰ, ফেব্ৰুৱাৰী: তামুলপুৰ জিলা ২ নং গোৰেশ্বৰত আজি চৰকাৰী উপ-স্বাস্থ্য কেন্দ্ৰ এটাৰ আধাৰ শিলা স্থাপন কৰা হয়। আধাৰশিলা স্থাপন কৰে গোৰেশ্বৰৰ বিশিষ্ট সমাজকৰ্মী ৰবি কুমাৰ ডেকাই। চৰকাৰী ভাৱে প্ৰায় ৫০ লাখ টকাৰ অনুমোদন দিয়া এই দুমহলীয়া উপ-স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসক নাৰ্চৰ আৱাসৰো ব্যৱস্থা থাকিব বুলি উল্লেখ কৰে ঠিকাদাৰ শান্তনু শৰ্মাই।
আজিৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে উপ-স্বাস্থ্য কেন্দ্ৰটোৰ পৰিচালনা সমিতিৰ সভাপতি দুলাল শইকীয়া, ঠিকাদাৰ শান্তনু শৰ্মা, ছাত্ৰ নেতা শংকৰ ৰাজবংশী আৰু লৱ কুমাৰ ডেকাৰ লগতে কেইবা গৰাকী বিশিষ্ট ব্যক্তি। আধাৰশিলা স্থাপন কৰি ৰবি কুমাৰ ডেকাই কয় যে দীৰ্ঘদিনে ২নং গোৰেশ্বৰ অঞ্চলটোৰ ৰাইজে এটি স্থায়ী উপ-স্বাস্থ্য কেন্দ্ৰৰ অভাৱ অনুভৱ কৰি আহিছিল। এই উপ-স্বাস্থ্য কেন্দ্ৰটোৰ জৰিয়তে অঞ্চলটোৰ ৰাইজ যথেষ্ট উপকৃত হ’ব বুলি উল্লেখ কৰে ৰবি কুমাৰ ডেকাই ।
উল্লেখ্য যে দীৰ্ঘদিনে ২নং গোৰেশ্বৰৰ উপ-স্বাস্থ্য কেন্দ্ৰটো দীৰ্ঘদিনে অতি শোচনীয় ভাৱে ভাড়া ঘৰত চলাই থাকিব লগীয়া হৈছিল । এই স্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণৰ পিছত দীৰ্ঘদিনীয়া এটা সমস্যাৰ অন্ত পৰিব বুলি আশাবাদী ২নং গোৰেশ্বৰবাসী ৰাইজ।
