

গুৱাহাটী, ০৭ জুলাই (হি.স.)। যোৰাবাটৰ ১৩ মাইলত সংঘটিত হৈছে পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বাগৰিল অনিয়ম কৰি অত্যাধিক বোজা কঢ়িওৱা চুণশিল ভৰ্তি বাহন। যোৰাবাটৰ পৰা সোণাপুৰ অভিমুখী আছিল বাহন খন। দুৰ্ঘটনাগ্ৰস্থ বাহন খনৰ নম্বৰ এমএল ১০ আৰ ১০১০। পথৰ ওপৰতে চূণশিল সমূহ সিঁচৰতি হৈ পৰাত পথচোৱাত সৃষ্টি হৈছে তীব্ৰ যানজঁটৰ।
দুৰ্ঘটনাস্থলীত যোৰাবাটৰ যানবাহন আৰক্ষী উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষন কৰিছে।
হিন্দুস্থান সমাচাৰ / Narayan Kar
