গুৱাহাটী, ০২ মে’। গুৱাহাটীস্থিত উদয়ণ সেৱা সংস্থান অসমৰ এটি অগ্ৰণী সামাজিক সেৱা সংস্থা। প্ৰতিষ্ঠা কালৰে পৰা সংগঠনটোৱে আৰ্তজনক সহায় কৰাৰ লগতে ভাৰত চৰকাৰ আই এছ অ ৯০০১ স্বীকৃত এক দাতব্য সংস্থাৰূপে সেৱা আগবঢ়াই আহিছে। এই উদয়ণ সেৱা সংস্থানৰ ষষ্ঠ প্ৰতিষ্ঠা দিৱসটি বুধবাৰে পহিলা মে’ত জাকজমকতাৰে উদযাপন কৰা হয়।
এই উপলক্ষ্য়ত গুৱাহাটী লালগণেশৰ বাসন্তী ভৱনত ষষ্ঠ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজিত বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰ শুভ উদ্ধোধন কৰে সমাজকৰ্মী তথা অসমৰ বিশিষ্ট ক্ৰীড়া সংগঠক মুকুটেশ্বৰ গোস্বামীয়ে। গোস্বামীয়ে উদ্ধোধনী ভাষণত উদয়ণ সেৱা সংস্থানে ল’কডাউন কালত আৰ্তজনৰ কাষত থিয় হৈ আগবঢ়োৱা সেৱাৰ ভূয়সী প্ৰশংসা কৰে। লগতে অম্বুবাচী মেলাৰ লগতে বিভিন্ন সময়ত আগবঢ়োৱা সমাজিক সেৱাৰ বিষয়ে উল্লেখ কৰে। ষষ্ঠ বৰ্ষপুৰ্তি উপলক্ষে অসম গৌৰৱ ২০২২ ধৃতিমালা ডেকা (শ্মশান বন্ধু), টেলিভিছন ৰিয়েলিটী শ্ব আয়োজক সাংস্কৃতিক কৰ্মী মৌচুমী বৰা, সামাজিক কৰ্মী ৰাজেশ ৰাভা, ধনশ্ৰী ভাণ্ডাৰ কায়স্থক বিশেষ সম্বৰ্ধনা জনোৱা হয়।
ইয়াৰ পিছতেই উদয়ণ সেৱা সংস্থানৰ সভাপতি পম্পী দাসে সঞ্চালনা কৰা আৰু সম্পাদক মনোজ দাসে আঁত ধৰা অনুষ্ঠানত বিহুকে ধৰি বিভিন্ন ভাষা গোষ্ঠীৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয়। সদৌ শেষত মনোজ ৰয়ে যিসকল ব্যক্তি বা প্ৰতিষ্ঠানে সংস্থাটোলৈ সহায় হাত আগবঢ়াই আহিছে তেখেতসকলক কৃতজ্ঞতা জ্ঞাপন কৰে।
