নগাঁও, ১৮ ডিচেম্বৰ (হি.স.)। ঐতিহাসিক জোনবিল মেলাৰ ঐতিহ্যস্বৰূপ বিনিময় প্ৰথাৰ দৰেই।ৰহাৰ আমচৈত আজিও অব্যাহত আছে বিনিময় প্ৰথা। প্ৰত্যেক সোমবাৰে পুৱাৰ ভাগত দেখা পোৱা যায় এই বিনিময় প্ৰথা। আমচৈৰ এই সাপ্তাহিক বজাৰখনত পাহাৰৰ পৰা নামি অহা মামা-মামী হিচাপে পৰিচিত জনজাতীয় লোকসকলে ভৈয়ামৰ লোকসকলৰ সৈতে বিভিন্ন সামগ্ৰীৰ আদান-প্ৰদান কৰাটো পৰিলক্ষিত হয় ।
প্ৰতি সোমবাৰে পাহাৰৰ জয়ন্তীয়া, খাচী, গাৰো, তিৱা, কাৰ্বি সম্প্ৰদায়ৰ লোকসকলৰ ভৈয়ামৰ লোকসকলৰ সৈতে এই বিনিময় প্ৰথাৰ জৰিয়তে এক সম্প্ৰীতিৰ গঢ় লৈ উঠাটো পৰিলক্ষিত হয়। পাহাৰৰ লোকসকলে পাহাৰত উৎপাদিত শস্য যেনে আলু, কচু, হালধি, আদা, বাঁহগাজ, জলকীয়া ইত্যাদি সামগ্ৰীৰ সৈতে ভৈয়ামৰ পিঠাগুৰি, সান্দহ, চিৰা, পিঠা, লাড়ু, শুকান মাছ , কণী ইত্যাদি সামগ্ৰী সমূহৰ সাল-সলনি কৰাটো দেখিবলৈ পোৱা যায় এই বজাৰখনত । আনহাতে এই সামগ্ৰীসূহৰ বিনিময়ত কোনোধৰণৰ ধন সংগ্ৰহ কৰা নহয় বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.
