Assam, 4 ছেপ্টেম্বৰ (হি.স.)।
Sluge Name : Nalbari, Facilitation program by AJYCP
: যশস্বী অভিনেতা অৰুণ নাথক প্ৰদান কৰা হ’ল এই বৰ্ষৰ ভবেন বৰুৱা সোঁৱৰণী বঁটা।
নলবাৰী, ০৪ ছেপ্টেম্বৰ (হি.স.)। অসমীয়া বোলছবি জগতৰ এগৰাকী স্বনামধন্য যশস্বী অভিনেতা অৰুণ নাথক এই বৰ্ষৰ ভবেন বৰুৱা সোৱঁৰণী বঁটা প্ৰদান কৰা হয়। যোৱানিশা নলবাৰীৰ নাট্যমন্দিৰত বুধবাৰে প্ৰদান কৰা হয় এই বঁটা। নলবাৰী জিলা যুৱ ছাত্ৰ পৰিষদৰ দ্বাৰা প্ৰদান কৰা হৈছে এই বঁটা। ভবেন বৰুৱা শিশু নাট সমাৰোহ উপলক্ষ্যত প্ৰদান কৰা হয় এই বঁটা।
উল্লেখ্য় যে প্ৰথমতে যশস্বী অভিনেতা অৰুণ নাথক এক সাংস্কৃতিক সমদলেৰে নলবাৰী নাট্যমন্দিৰলৈ আদৰি অনা হয় । গুণমুগ্ধসকলে যশস্বী অভিনেতাগৰাকীক আদৰি অনাৰ পিছত নলবাৰীৰ নাট্যমন্দিৰত যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি পলাশ চংমাই, সাধাৰণ সম্পাদক বিজন বায়নৰ উপস্থিতিত বুধবাৰে যশস্বী অভিনেতা অৰুণ নাথক প্ৰদান কৰা হয় ভবেন বৰুৱা সোঁৱৰণি বঁটা ২০২৫। ভবেন বৰুৱা সোঁৱৰণি শিশু নাট সমাৰোহ উপলক্ষ্যত অভিনেতা গৰাকীক প্ৰদান কৰা হয় এই বঁটা।
নলবাৰীত ভবেন বৰুৱা সোঁৰণি শিশু নাট সমাৰোহত অংশ লৈ যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক বিজন বায়নে কা সম্পৰ্কত জাৰি কৰা নতুন অধিসুচনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। অসমীয়া জাতীৰ অস্তিত্ব বিপন্ন কৰিব বিচৰা এই অধিসুচনাৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলিও হুংকাৰ প্ৰদান কৰে দুই নেতাই। যি সকলে পুৰ্বতে কা আইনৰ বিৰোধিতা কৰিছিল আজি সেই সকল নেতাই এতিয়া কেন্দ্ৰীয় চৰকাৰৰ পদলেহন কৰি জাতিটোক কাললৈ ধ্বংস কৰিব বিচৰা বুলিও অভিযোগ উত্থাপন কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো জাতিৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ সজোৰে বিৰোধিতা কৰিবলৈ দাবী উত্থাপন কৰে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
