নতুন দিল্লী, ০৮ জুলাই (হি.স.)। ডিপিএল (দিল্লী প্ৰিমিয়াৰ লীগ) মহিলা ছিজন-২ৰ বাবে চেণ্ট্ৰেল দিল্লী কুইন্স, নৰ্থ দিল্লী ষ্ট্ৰাইকাৰছ, ইষ্ট দিল্লী ৰাইডাৰ্ছ আৰু চাউথ দিল্লী ছুপাৰষ্টাৰে নিজৰ দল গঠন সম্পূৰ্ণ কৰিছে। এই ছিজনত উদীয়মান আৰু অভিজ্ঞ খেলুৱৈৰ এক সুন্দৰ মিশ্ৰণ দেখা গৈছে।
নিলামত ১৩ লাখ টকাৰ বাবে নিলাম কৰা হৈছিল তানিছা সিঙৰ। আনহাতে নাজমাই ১২.৫ লাখ, মনিকাই ১০ লাখ আৰু পূৰ্বা ছিৱাচে ৯.৭৫ লাখ টকা লাভ কৰে। এই খেলুৱৈসকলৰ প্ৰতিভা আৰু ভৱিষ্যতৰ সম্ভাৱনাক মনত ৰাখি ফ্ৰেঞ্চাইজিসমূহে এক বৃহৎ বিনিয়োগ কৰিছে।
ডিডিচিএৰ সভাপতি ৰোহন জেটলীয়ে কয় যে, “ডিপিএলৰ আৰম্ভণিৰে পৰাই মহিলা সংস্কৰণৰ আয়োজন হোৱাটো আমাৰ বাবে এক গৌৰৱৰ মুহূৰ্ত।এইবাৰ আমি অংশগ্ৰহণ বৃদ্ধি কৰি ঘৰুৱা গাঁথনি শক্তিশালী কৰিছো। সম্প্রতি অনুষ্ঠিত হোৱা ক্লাব পর্যায়ৰ প্রতিযোগিতাত ৬০০ৰো অধিক ছোৱালীয়ে অংশগ্রহণ কৰিছিল – মহিলা ক্ৰিকেটৰ বাবে এয়া এক ডাঙৰ পদক্ষেপ। আমাৰ লক্ষ্য হৈছে ভৱিষ্যতে আৰু অধিক দল, খেলুৱৈ আৰু মেচ যোগ কৰা৷”
তেওঁ কয় যে ডি পি এল মহিলা ছিজন-২য়ে কেৱল দিল্লীৰ মহিলা ক্ৰিকেটাৰসকলক এক ডাঙৰ মঞ্চ দিয়াই নহয়, ভৱিষ্যতৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় তাৰকাসকলক গ্ৰুম কৰাৰ সুযোগো প্ৰদান কৰিছে।
দল আৰু মূল খেলুৱৈৰ প্ৰদৰ্শন
ইতিমধ্যে চেণ্ট্ৰেল দিল্লী কুইন্সৰ দলত দীক্ষা শৰ্মাক পূৰ্বৰে পৰা ৰখা হৈছে । নতুন ক্ৰয় হিচাপে অল-ৰাউণ্ডাৰ মনিকাৰ ওপৰত ব্যয় কৰা হৈছিল ১০ লাখ টকা। আনহাতে ৰাইট টু মেচ (আৰ টি এম) কাৰ্ড ব্যৱহাৰ কৰি দলত নিৰ্বাচিত হয় পাৰুণিকা ছিছ’ডিয়া (স্পিনাৰ)।
ইষ্ট দিল্লী ৰাইডাৰ্ছে ভাৰতৰ অভিজ্ঞ বেটছমেন প্ৰিয়া পুনিয়াক অক্ষুণ্ণ ৰাখিলে। অল ৰাউণ্ডাৰ পূৰ্বা ছিৱাচ আৰু বেগী বলাৰ প্ৰজ্ঞা ৰাৱটক নতুন ক্ৰয় হিচাপে দলত যোগ কৰা হয়।
নৰ্থ দিল্লী ষ্ট্ৰাইকাৰছে উপাসনা যাদৱক ধৰি ৰাখি নিলামত ডাঙৰ দৰদামৰ পিছত নাজমাক আৰ টি এনৰ জৰিয়তে দললৈ ঘূৰাই আনে। দলটোৰ ভাৰসাম্য আৰু গভীৰতাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।
দক্ষিণ দিল্লী ছুপাৰষ্টাৰে তাৰকা বেটছমেন শ্বেতা ছেহৰাৱটক ধৰি ৰাখি ১৩ লাখ টকাত তনিছা সিং আৰু নিলামত একতা ভদনা ক্ৰয় কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
