
–আটকধুনীয়াকৈ সজাই তোলা হৈছে মানাহৰ বাকৰি
–মানাহ ফেষ্টিভেলৰ বাবে মানাহলৈ অহা পৰ্যটক সকলে জীপ ছাফাৰি আৰু ল’জত পাব ৰেহাই
বাক্সা, ২৪ জানুৱাৰী (হি.স.): মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰথম প্ৰৱেশদ্বাৰত কাইলৈ ২৫ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈকে প্ৰথম বাৰৰ বাবে আয়োজন কৰা হৈছে মানাহ ফেষ্টিভেল অথবা মানাহ মহোৎসৱ। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাতিকাষৰীয়া স্বেচ্ছাসেৱী সংগঠন গ্ৰীণ মানাহ, মিউজ, মাউজী গেন্দ্ৰী ইক’ট্যুৰিজিম ছ’চাইটি আৰু দাতিকাষৰীয়া প্ৰকৃতিপ্ৰেমী ৰাইজৰ সহযোগত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ইক’ট্যুৰিজিমৰ ব্যয়বহুল প্ৰচাৰৰ বাবে আয়োজন কৰা এই মানাহ ফেষ্টিভেলৰ প্ৰস্তুতি ইতিমধ্যে তীব্ৰ গতিত চলি থকা পৰিলক্ষিত হৈছে।
মানাহ ফেষ্টিভেল পৰিচালনা সমিতিৰ সভাপতি সুভাষ তিৰ্কীয়ে যোৱাকালি সন্ধিয়া এক সংবাদমেল যোগে প্ৰস্তুতি সন্দৰ্ভত উল্লেখ কৰি কয়, মানাহ ফেষ্টিভেলৰ বাবে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে। পৰ্যটক সকলে আহি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া বিভিন্ন জাতি জনগোষ্ঠীৰ সুস্বাদু খাদ্যসম্ভাৰ সমূহৰ সোৱাদ ল’ব পাৰিব। ইয়াৰ লগতে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন জীৱ জন্তু আৰু এই অঞ্চলত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ সাজ পাৰ ঘৰ দুৱাৰ আদি সংস্কৃতি সমূহ প্ৰতিফলন কৰিবলৈ প্ৰয়াস কৰা হৈছে।
তেওঁ কয় যে এইবাৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত মানাহ ফেষ্টিভেল অথবা মানাহ মহোৎসৱৰ বাবে বিটিচিৰ পৰ্যটন বিভাগ, অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ পৰ্যটন বিভাগে যথেষ্ট সঁহাৰি দিয়াৰ লগতে প্ৰকৃতি প্ৰেমী সকলেও যথেষ্ট পৰিমাণে সহযোগ কৰা হেতুকে প্ৰথমবাৰেই বহু ডাঙৰকৈ মানাহ মহোৎসৱৰ আয়োজন কৰিবলৈ সক্ষম হৈছে। আনহাতে মানাহ ফেষ্টিভেলৰ বাবে মানাহলৈ অহা পৰ্যটক সকলে জীপ ছাফাৰিত পাঁচশ টকাকৈ ৰেহাই দিয়াৰ কথা জীপ ছাফাৰি সংস্থাই জনোৱাৰ উপৰিও এইবাৰ পৰ্যটক সকলক ল’জতো ৰেহাই দিয়াৰ ব্যৱস্থা কৰাৰ কথা ল’জ কৰ্তৃপক্ষই আমাক জানিব দিছে।
সংবাদ মেলত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন বিভাগৰ সতে সততে লাগি থকা প্ৰকৃতিপ্ৰেমী বুবুল নাথ, টুটু লামাকে ধৰি কেবাগৰাকীও প্ৰকৃতিপ্ৰেমীয়ে অংশগ্ৰহণ কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
