
চিৰাং, ১১ ডিচেম্বৰ (হি.স.): চিৰাং জিলাৰ বিজনীত যোৱা কালি বুধবাৰে সন্ধিয়া সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন কেন্দ্ৰীয় সমিতিয়ে এক সংবাদ মেল পাতি ব্ৰহ্মপুত্ৰ ভেলীত হিন্দু বাঙালী সম্প্ৰদায়ৰ পৰা মন্ত্ৰীত্ব নিদিয়াত ক্ষোভ ব্য়ক্ত কৰে । সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক শুৱ মজুমদাৰে সম্বোধন কৰে এই সংবাদমেল। এই সংবাদ মেলৰ জৰিয়তে মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কেইবাটাও প্ৰশ্ন উত্থাপন কৰাৰ লগতে মুখ্যমন্ত্ৰীক মিছলীয়া আখ্যা দিয়ে শুব মজুমদাৰে।
ব্ৰহ্মপুত্ৰ ভেলীত হিন্দু বাঙালীৰ সম্প্ৰদায়ৰ পৰা মন্ত্ৰীত্ব নিদিয়াতো ক্ষোভ উজাৰে সাধাৰণ সম্পাদক গৰাকীয়ে। লগতে ২৬ৰ বিধান সভা নিৰ্বাচনত প্ৰতিটো ৰাজনৈতিক দলক বিজনী, টংলা আৰু গোৰেশ্বৰ এই তিনিটা বিধান সভা সমষ্টিত বেংগলী প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ আহ্বান জনায়। যদি এই তিনিটা সমষ্টিত প্ৰতিটো ৰাজনৈতিক দলে বেংগলী প্ৰাৰ্থী প্ৰক্ষেপ নকৰে তেনেহলে সদৌ বিটিচি বাঙালী যুৱ ফেডাৰেচনে সংগঠনটোৰ পৰা এই তিনিটা সমষ্টিত প্ৰাৰ্থী ঠিয় কৰাব বুলি সংবাদ মেল যোগে মন্তব্য আগবঢ়ায় শুভ মজুমদাৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
