
গোলাঘাট, ০৯ আগষ্ট (হি.স.)। বিধ্বস্ত হৈ পৰিছে কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথ । কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পুখুৰীসদৃশ গাতত প্ৰতিদিনে দুৰ্ঘটনা সংঘটিত হোৱাটো এক স্বাভাবিক ঘটনাত পৰিণত হৈছে। উজনি বা নামনিলৈ যাত্ৰা কৰা যান বাহনৰ বাবে শংকাৰ কাৰণ হৈ পৰিছে কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথ ৷
ৰাষ্ট্ৰীয় পথটোত শংকাৰ কাৰণ হৈ পৰিছে পথটোৰ বিধ্বস্ত অৱস্থা ৷ সুদীৰ্ঘ পথছোৱাৰ ঠায়ে ঠায়ে পথৰ মাজত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁত ৷ যাৰবাবে দৈনিক বহু দুৰ্ঘটনা সংঘটিত হৈছে এই গাতসমূহত । যোৱাকালি শুকুৰবাৰৰ দিনটোতো এই গাঁতৰ বাবে দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰিছিল এগৰাকী মহিলা। ইফালে ভিআইপিৰ অনুষ্ঠান, মুখ্যমন্ত্ৰী আহিলে দিনে নিশাই পথ মেৰামতি কৰি বাহ বাহ লোৱা বিভাগটোৱে সাধাৰণ ৰাইজৰ সমস্যাক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ মৰণ ফাণ্ডত পৰিণত হোৱা পথছোৱা কেতিয়া মেৰামতি কৰা হ’ব বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে ।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
