গুৱাহাটী, ২৪ জানুৱাৰী (হি.স.)। অসমৰ ৰাহুল গান্ধীৰ নিৰাপত্তা সন্দৰ্ভত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ এখন পত্ৰ লিখিছে। অসমত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ নিৰাপত্তাৰ ব্যৱস্থাক লৈ উদ্বেগ প্ৰকাশ কৰিছে খৰ্গেয়ে। যাত্ৰাৰ অসমত প্ৰৱেশৰ দিনা ৰাহুলৰ লগত ঘটা ঘটনাৰ কথা পত্ৰখনত উল্লেখ কৰিছে খৰ্গেয়ে।
অসম আৰক্ষীয়ে বিজেপি কৰ্মীক ৰাহুলৰ কনভয়ৰ ওচৰলৈ আহিবলৈ অনুমতি দিয়াৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। তেওঁৰ নিৰাপত্তা বেহু ভংগ কৰাৰো অভিযোগ কৰে। যাৰ বাবে ৰাহুলৰ নিৰাপত্তাৰ ক্ষেত্ৰত শংকাৰ সৃষ্টি হয়। তেওঁ অভিযোগ কৰিছে যে ৰাজহুৱা ক্ষেত্ৰত পৰ্যাপ্ত প্ৰমাণ পোৱাৰ পিছতো কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই। এই ক্ষেত্ৰত খৰ্গেয়ে শ্বাহক ব্যক্তিগত হস্তক্ষেপৰ বাবে অনুৰোধ জনাইছে।
হিন্দুস্থান সমাচাৰ/শ্ৰীপ্ৰকাশ/মনোজ/অৰবিন্দ
