

































নগাঁও, ২৪ জানুৱাৰী ( হি স)। জাপান কাৰাটে এচোছিয়েশ্যন (জেকেএডব্লিউএফ)ৰ অসম শাখাই নগাঁৱত দুদিনীয়াকৈ অনুষ্ঠিত কৰিলে কাৰাটে প্ৰশিক্ষণ কাৰ্যসূচী। জাপানৰ অভিজ্ঞ কাৰাটে খেলুৱৈ কাইছি হাকিজুমীৰ দ্বাৰা নগাঁৱত বাইছ আৰু তেইছ জানুৱাৰিত দুদিনীয়াকৈ কাৰাটে প্ৰশিক্ষাৰ্থীক উচ্চমানৰ প্ৰশিক্ষণ প্ৰদান কাৰ্যসূচী যোৱা কালি মঙলবাৰে নিশা সামৰণী পৰে । প্ৰায় দুই শতাধিক কণ কণ তথা যুৱা প্ৰশিক্ষাৰ্থীয়ে এই প্ৰশিক্ষণ প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
উল্লেখ্য় যে জাপান কাৰাটে এচোছিয়েশ্যনত দুবাৰকৈ স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিল কাইছি হাকিজুমীয়ে। ২০২৪ৰ অক্টোবৰত জাপানৰ টকিঅ’ত হ’বলগীয়া বিশ্ব কাৰাটে চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলত স্থান লাভ কৰিছে নগাঁৱৰ দুই উদীয়মান কাৰাটে খেলুৱৈ শশী দে আৰু লয়াস্মিতা বৰাই।
প্ৰতিযোগিতাখনত স্বৰ্ণ জয়ৰ আশাৰে সমগ্ৰ অসমবাসীয়ে আশাৰে বাট চাব এই দুই উদীয়মান খেলুৱৈৰ মুখলৈ। অসমৰ এই দুই খেলুৱৈৰ বৰ্তমানৰ প্ৰদৰ্শনক লৈ যথেষ্ট সন্তুষ্ট প্ৰশিক্ষকবৰ্গ।
হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/মনোজ
