হোজাই, ২৯ নৱেম্বৰ (হি.স.)। লামডিঙত এজন কিশোৰ সন্ধানহীন। কিশোৰজন সন্ধানহীন হৈ থকাৰ বাবে এতিয়া পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰিছে।
হোজাই জিলাৰ অন্তৰ্গত ৰেল চহৰ লামডিঙত দিনক দিনে বৃদ্ধি পাইছে কিশোৰ – কিশোৰীৰ নিৰুদ্দেশৰ ঘটনা। আকৌ লামডিঙত কিশোৰ নিৰুদ্দেশৰ ঘটনা পোহৰলৈ আহিছে। নিৰুদ্দেশ হোৱা কিশোৰ জনৰ নাম সঞ্জীৱ প্ৰধান। সঞ্জীৱৰ ঘৰ ১ নং খাংগাৰ গাঁও ৩ নং ৱাৰ্ডৰ বাসিন্দা ।কিশোৰ জনে চলিত মাহৰ ২৬ তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে। পৰিয়ালৰ লোকে কিশোৰ জনক বিভিন্ন প্ৰান্তত বিছাৰি বিছাৰি দিশহাৰা হৈ পৰিছে। নিৰুপাই হৈ পৰিয়ালৰ লোকে লামডিং আৰক্ষী থানাত এখন জাননী দিয়াৰ লগতে সংবাদ মাধ্যমৰ কাষ চাপিলে। কোনো ব্যক্তিয়ে সেই কিশোৰ জনক সন্ধান পালে লামডিং থানাত জনোৱাৰ ৱাবে আহ্বান জনাই পৰিয়ালৰ লোকে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
