
ইম্ফল, ২২ জুলাই (হি.স.)। মণিপুৰত নিৰাপত্তা বাহিনীৰ সমন্বিত তালাচী অভিযানত ৭ উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰাৰ লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু সন্দেহজনক সামগ্ৰী উদ্ধাৰ কৰা হয়। এই উগ্ৰপন্থী দুটা নিষিদ্ধ সংগঠনৰ সৈতে জড়িত আছিল।
মঙলবাৰে আৰক্ষীৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, টেঙনৌপাল জিলাৰ মৰেহ থানা এলেকাৰ অন্তৰ্গত ভাৰত-ম্যানমাৰ সীমান্তৰ সমীপৰ পাংগল বস্তিত চোৰাংচোৱা তথ্যৰ ভিত্তিত কাংগলেইপাক কমিউনিষ্ট পাৰ্টিৰ তিনিজন কেডাৰক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত উগ্ৰপন্থী দুজন হ’ল খুমন্তেম উমাকান্ত সিং (৩৬, মংবুং, জিৰিবাম), পুখ্ৰাম্বম নাওতন সিং (২২, নিংথৌখং মায়াই লেইকেই, বিষ্ণুপুৰ) আৰু ছয়বাম বৰগিল মেইটেই (২৩, ইৰম মেজৰাউ, ইম্ফল পশ্চিম)।
আন এক অভিযানত চোৰাংচোৱা সংস্থাৰ নেতৃত্বত ইম্ফল ইষ্ট জিলাৰ ক’ইৰেংগাই চিংগোল লেইকাই অঞ্চলৰ পৰা ইউনাইটেড পিপলছ পাৰ্টি অৱ কাংগলেইপাক (ইউপিপিকে)ৰ চাৰিটা উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ ভিতৰত আছে নিশান ঙামম (২৪), লাইছাংবাম ৰোশন সিং (৩৫), চুংখাম কিৰণ মেইটেই (২১) আৰু চন্দম ৰতন মেইটেই (৪১) যিয়ে সংগঠনটোৰ ভিতৰতে ক’ড নামেৰে কাম কৰি আছিল।
এই ইউ পি পি কে উগ্ৰপন্থীৰ পৰা এখন ৰূপালী হুণ্ডাই গেটজ গাড়ী, নগদ ৯,২৩০ টকা, ১০ টকাৰ নেপালী মুদ্ৰা, ৫ টা মোবাইল ফোন, ৫ টা চিম কাৰ্ড, চাৰিখন আধাৰ কাৰ্ড আৰু এখন পেন কাৰ্ড উদ্ধাৰ কৰি সীমা অতিক্ৰম কৰি সম্ভাৱ্য ষড়যন্ত্ৰৰ কথা আঙুলিয়াই দিয়ে।
ইফালে, কাংপোকপি জিলাৰ টিংকাই খুল্লেন আৰু সংলগ্ন মাওহিং আৰু চাংগুবুং গাঁৱৰ বনাঞ্চলত তালাচী অভিযানৰ সময়তো এটা গোপন অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ হয়। ইয়াৰ পৰা INSAS ৰাইফল, M16 আৰু MA1 এছাল্ট ৰাইফল, স্নাইপাৰ ৰাইফল, টেলিস্কোপিক চাইটযুক্ত .৩০৩ ৰাইফল, দেশত নিৰ্মিত বন্দুক, পিষ্টল আৰু বৃহৎ পৰিমাণৰ কাৰ্টিজ উদ্ধাৰ কৰা হৈছে।
বিষয়াসকলে কয় যে এই সমন্বিত অভিযান ৰাজ্যখনত উগ্ৰপন্থী আৰু তেওঁলোকৰ লজিষ্টিক নেটৱৰ্কৰ কাৰ্যকলাপত এক প্ৰবল আঘাত। বৰ্তমান এই গোচৰৰ বিশদ তদন্ত চলি আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
