যোৰহাট, ২১ জুন (হি.স.): যোৰহাটত পুনৰ বনৰীয়া হাতীৰ জাকৰ বিচৰণ দেখা গৈছে। যোৰহাটৰ নিমাতিত ব্ৰহ্মপুত্ৰ চাপৰিত বন্যহস্তীৰ বৃহৎ জাক এটাই অৱস্থান লৈছে। জনাঞ্চলত প্ৰৱেশৰ চেষ্টা চলাইছে বন্যহস্তীৰ জাকটোৱে।
উল্লেখ্য় যে কিছুদিন পূৰ্বে অহা এজাক বনৰীয়া হাতীৰ জাকে নিমাতী অঞ্চলৰ লগতে ব্ৰহ্মপুত্ৰৰ কাষৰীয়া অঞ্চলত যথেষ্ট ক্ষতিসাধন কৰিছিল। বিশেষকৈ কৃষকৰ কৃষি ভুমি অনিষ্ট সাধন কৰিছিল। হাতীৰ জাকটোৰ বাবে বৰ্তমান পুনৰ সংকিত হৈ পৰিছে কৃষক ৰাইজ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
