পাটনা, ২২ জুলাই (হি.স.)। মঙলবাৰে পুৱা ভোজপুৰ জিলাৰ বিহিয়া থানা এলেকাত গেংষ্টাৰ চন্দন মিশ্ৰৰ হত্যাকাৰীক আটক কৰিবলৈ যোৱা আৰক্ষী আৰু পাটনা স্পেচিয়েল টাস্ক ফ’ৰ্চৰ দলৰ মাজত সংঘৰ্ষ হয়। এই ঘটনাত দুজন অপৰাধীৰ ভৰি আৰু হাতত গুলী লাগে। আনহাতে এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়।
ভোজপুৰ আৰক্ষীৰ বিজ্ঞপ্তি অনুসৰি আৰক্ষীক দেখাৰ লগে লগে অপৰাধীয়ে গুলীচালনা আৰম্ভ কৰে। ইয়াৰ প্ৰত্যাক্ৰমণ হিচাপে আৰক্ষীয়েও গুলীচালনা কৰে, য’ত দুজন অপৰাধী বলৱন্ত কুমাৰ সিং আৰু ৰবিৰঞ্জন সিঙৰ হাত-ভৰি গুলীচালনা কৰা হয়। এজন অপৰাধী অভিষেক কুমাৰক গ্ৰেপ্তাৰ কৰা হৈছে। জেৰাৰ সময়ত তেওঁ অপৰাধ স্বীকাৰ কৰে। আহত অপৰাধীক আৰা সদৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
ভোজপুৰৰ আৰক্ষী অধীক্ষকে জনোৱা মতে, চন্দন মিশ্ৰ হত্যাকাণ্ডৰ সৈতে জড়িত সংগঠিত চক্ৰটোৰ তালাচীৰ সময়ত এই এনকাউণ্টাৰ সংঘটিত হয়। পলাতক হৈ আছে একাংশ অভিযুক্ত। তালাচী চলোৱা হৈছে। অঞ্চলটোত মোতায়েন কৰা হৈছে ব্যাপক আৰক্ষী বাহিনী।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
