কোকৰাঝাৰ, ০৪ জানুৱাৰী (হি.স.)। আজি গোসাইগাঁৱৰ হাৰাপুটাত ইউ পি পি এল দলৰ যোগদান কাৰ্যসূচীত বি টি আৰ প্ৰধান প্ৰমোদ বড়ো উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত কয় যে ইউ পি পি এল দলৰ প্ৰতি ৰাইজ আকৃষ্ট হৈ আন আন ৰাজনৈতি দল, সংগঠনৰ সহস্ৰাধিক ৰাইজ ইউ পি পি এলত যোগদান কৰে ৷
তেওঁ কয় যে, বি পি এফ দলৰ মুৰব্বী তথা বি টি চিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে মাটিৰ পট্ৰা দিয়াৰ ইচ্ছ্যু লৈ যি মেল মিটিং কৰিছে সেয়া হাগ্ৰামা মহিলাৰীয়ে পূৰণ কৰিব নোৱাৰিব ৷ কাৰণ ইতিমধ্যে আমি প্ৰায় এক লাখ ভূমিহীন লোকক মাটিৰ পট্ৰা প্ৰদান কৰিলো ৷ যি খিনি ভূমিহীন লোকে মাটিৰ পট্ৰা পোৱা নাই সেই লোক সকলক আমাৰ কাৰ্যকালত মাটিৰ পট্টা প্ৰদান কৰা হ’ব ৷ চলিত মাহৰ ভিতৰত ২,৭১৬ টা শিক্ষক পদৰ বাবে আৰু তৃতীয়, চতুৰ্থ বৰ্গৰ পদৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰা হ’ব আৰু অতি শীঘ্ৰে পদ সমুহ পূৰণ কৰা হ’ব ৷
বি টি আৰৰ ৩ নং শ্ৰীৰামপুৰ সমষ্টি হাৰাপুটাত ইউ পি পি এল দলৰ এখন বিশাল যোগদান সভা অনুষ্ঠিত হয় ৷ বি টি আৰৰ ই এম উইলছন হাসদাৰ নেতৃত্বত অনুষ্ঠিত হোৱা যোগদান সভাত বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, বিধায়ক জিৰণ বসুমতাৰী, বি টি আৰৰ ই এম উকীল মুছাহাৰীকে ধৰি ইউ পি পি এল দলৰ শীৰ্ষ পৰ্যায়ৰ নেতা নেত্ৰীৰ উপস্থিতিত বিভিন্ন দল সংগঠন ত্যাগ কৰি স্বতঃস্ফূৰ্তভাৱে ইউ পি পি এলত যোগদান কৰে ৷ নতুনকৈ দলত যোগদান দিয়া পুৰুষ- মহিলা সকলক ফুলাম গামোছা আৰু দলীয় প্ৰতীক চিহ্নৰে আদৰি লয় ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/মনোজ
