মণ্ট্ৰিয়েল, ২২ জুলাই (হি.স.)। অহা সপ্তাহত টৰন্টোত অনুষ্ঠিত হ’বলগীয়া এ টি পি কানাডিয়ান অ’পেনৰ পৰা আঁতৰি আহিছে বিশ্বৰ দুই নম্বৰ টেনিছ খেলুৱৈ তথা পাঁচবাৰৰ গ্ৰেণ্ড শ্লেম চেম্পিয়ন কাৰ্লোছ আলকাৰাজে। সোমবাৰে এই তথ্য প্ৰদান কৰে আয়োজকসকলে। উইম্বলডনৰ ফাইনেলত শীৰ্ষ ৰেংকিঙৰ খেলুৱৈ জানিক ছিনাৰৰ হাতত পৰাস্ত হৈছিল আলকাৰাজে।
২২ বছৰীয়া স্পেনিছ খেলুৱৈ আলকাৰাজে কয়, নেশ্যনেল বেংক অ’পেন (এ টি পি কানাডিয়ান অ’পেন)ত অংশগ্ৰহণ কৰিব নোৱাৰাৰ বাবে মই অতি দুখী। মই প্ৰতিযোগিতাখনৰ বাবে সাজু হ’বলৈ যৎপৰোনাস্তি চেষ্টা কৰিলোঁ, কিয়নো ই মোৰ প্ৰিয় প্ৰতিযোগিতাসমূহৰ ভিতৰত অন্যতম, কিন্তু উইম্বলডনৰ পিছত মোক সুস্থ হ’বলৈ অধিক সময়ৰ প্ৰয়োজন। মই আয়োজকসকলক শুভেচ্ছা জনাইছো আৰু অহা বছৰ কানাডাত খেলিবলৈ আশা কৰিছো।
কানাডাত এতিয়ালৈকে আলকাৰাজৰ সৰ্বোত্তম প্ৰদৰ্শন আছিল ২০২৩ চনত, যেতিয়া তেওঁ কোৱাৰ্টাৰ ফাইনেলত আমেৰিকাৰ খেলুৱৈ টমী পলৰ হাতত পৰাস্ত হৈছিল।
টুৰ্ণামেণ্টৰ পৰিচালক কাৰ্ল হেলে কয় যে কাৰ্লোছৰ দৰে খেলুৱৈয়ে প্ৰতিযোগিতাখনৰ পৰা আঁতৰি অহাটো হতাশাজনক, কাৰণ অনুৰাগীয়ে তেওঁক খেলা চাব বিচাৰিছিল। ইয়াৰ উপৰিও আমেৰিকাৰ চেবাষ্টিয়ান কৰ্ডা (৩৩ নং ৰেংকিং)ও ভৰিৰ আঘাতৰ বাবে প্ৰতিযোগিতাখনৰ পৰা আঁতৰি আহিছে আৰু পোলেণ্ডৰ হুবাৰ্ট হাৰ্কাচে (৩৮ নং ৰেংকিং)ও আঁঠুৰ আঘাতৰ বাবে প্ৰতিযোগিতাখনৰ পৰা আঁতৰি আহিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
