যোৰহাট, ২৩ আগষ্ট (হি.স.)। যোৰহাটত নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । যোৰহাটৰ ফৰ্মুদ আলি পথ (ৰয়েল ৰোড) ত যোৱা নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। এটা বাসগৃহত ৰন্ধন গেছৰ চিলিন্দাৰ বিস্ফোৰণ হোৱাৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। ফলত আৱাসিক এলেকাটোত এক আতংক ময় পৰিবেশৰ সৃষ্টি হয়।
জানিব পৰা মতে অঞ্চলটোৰ গীয়াচ উদ্দিন আহমেদ নামৰ ব্যক্তি জনৰ বাস গৃহত প্ৰথমে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। ইয়াৰ পিছত অঞ্জলি দাস নামৰ মহিলা গৰাকীৰ বাস গৃহটো জুইৰ লেলিহান শিখাই আগুৰি ধৰে। স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত তিনিখন কৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নিৰ্বাপিত কৰাৰ চেষ্টা কৰে। সম্প্ৰতি অগ্নি নিৰ্বাপক বাহিনীৰ লোকে অগ্নি নিৰ্বাপনত সফলতা লাভ কৰে। অৱশ্য়ে এই অগ্নিকাণ্ডত প্ৰকৃত ক্ষয় ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই।
—————
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
