
ইম্ফল, ২৬ ছেপ্টেম্বৰ (হি.স.)। ইম্ফল ইষ্টত সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সময়ত নিৰাপত্তা বাহিনীয়ে নিষিদ্ধ কেচিপি (পিডব্লিউজি)ৰ এজন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰে। মণিপুৰ আৰক্ষী মুখ্য কাৰ্যালয়ে আজি জাৰি কৰা এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে ধৃত কেচিপি (পিডব্লিউজি) সক্ৰিয়কৰ্তাজন ক্ষেত্ৰী আৱাং লেইকাইৰ বাসিন্দা মহম্মদ তাজুদ্দিন শ্বাহ ওৰফে বাবয় (৩৭) বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, ২৫ ছেপ্টেম্বৰত হাইংগাং থানা এলেকাৰ অন্তৰ্গত খুৰাই চৰেণ থংৰ পৰা অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁৰ পৰা জব্দ কৰে এটা মোবাইল ফোন।
একেদৰে থৌবাল জিলাৰ ৰিংপাম গাঁৱৰ সমীপৰ চালুংফাম মামাং লেইকাইৰ পাদদেশত তালাচীৰ সময়ত নিৰাপত্তাৰক্ষীৰ দলে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ, যুদ্ধ সঁজুলি উদ্ধাৰ কৰে।
উদ্ধাৰ হোৱা কেচটোত আছে এটা ৭.৬২ এছ এল আৰ ৰাইফল মেগজিনযুক্ত, এটা কাৰ্বাইন মেগজিনযুক্ত, এটা ৰাইফল, দুটা চিংগল ব’ৰ একচন ৰাইফল, এটা এছ বি বি এল পি এ জি, দুটা চাইনিজ এইচ ই হেণ্ড গ্ৰেনেড, এটা স্থানীয়ভাৱে নিৰ্মিত বিস্ফোৰক, এটা ৭.৬২ (এ কে) লাইভ ৰাউণ্ড, তিনিটা ৭.৬২ (এছ এল আৰ) লাইভ ৰাউণ্ড, চাৰিটা ৯ মিমি লাইভ ৰাউণ্ড, এটা আই এন এছ এ এছ মেগজিন, এটা কন্দুৱা গেছ শ্বেল, দুটা চাৰ্জাৰৰ সৈতে দুটা বাওফেং হেণ্ডহেল্ড চেট, দহটা বি পি জেকেট, চল্লিশটা কেমফ্লেজ পেণ্ট, ৩২টা কেমফ্লেজ চাৰ্ট, ১৭টা কেমফ্লেজ কেপ, ৬টা মেগাজিন পাউচ, ২১টা বেল্ট, ১৩যোৰ জোতা, এটা বেকপেক, এটা হেলমেট, দুখন পিএলএ নেম প্লেট আৰু এটা পিএলএ বেজ।
বিষয়াসকলে জনোৱা মতে, বিদ্ৰোহীৰ কাৰ্যকলাপ প্ৰতিহত কৰিবলৈ আৰু উগ্ৰপন্থীক পুনৰ গোট খোৱা ৰোধ কৰিবলৈ কেইবাখনো জিলাৰ স্পৰ্শকাতৰ আৰু সীমান্তৱৰ্তী অঞ্চলত অনুসন্ধান অভিযান আৰু তালাচী অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ
