কোকৰাঝাৰ, ২৩ আগষ্ট (হি.স.): সমাগত বিটিচি নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ইউপিপিএল দলে ২১ তাৰিখে ১৮টা সমষ্টিৰ প্ৰাৰ্থীৰ পথম তালিকাত ঘোষণা কৰিছে। তালিকা প্ৰকাশৰ লগে লগে বিভিন্ন সমষ্টিৰ দলীয় কৰ্মীসকলে নিজৰ প্ৰাৰ্থীসকলক জনাইছে উষ্ম আদৰণি। ঠিক একেদৰে বিটিচিৰ ৩ নং শ্ৰীৰামপুৰ সমষ্টিত ইউপিপিএল দলৰ প্ৰাৰ্থী উইলছন হাছদাৰ নাম ঘোষনা হোৱাত কালি বিয়লি শ্ৰীৰামপুৰ ব্লক কাৰ্য্যলয়ত উৎসৱৰ মূখৰ পৰিৱেশ সৃষ্টি হয়।
উল্লাসিত কৰ্মীসকলে ফটকা ফুটাই সমষ্টি খনৰ ইউপিপিএলৰ প্ৰাৰ্থী উইলছন হাছদাক দলীয় কৰ্মী আৰু সমৰ্থকে আগবাঢ়ি আহি তেওঁক ফুলাম গামোছা, ফুলৰ থোপা দি উষ্ম আদৰণি জনায়। ঢোল-পেপা, ফুলৰ মালা আৰু প্ৰমোদ বড়ো জিন্দাবাদ, ইউপিপিএল জিন্দাবাদ, উইলছন হাছদা জিন্দাবাদ ধ্বনিৰে প্ৰাৰ্থীক গৰাকীক বিপুল আদৰণি জনায়। প্ৰাৰ্থী উইলছন হাছদাই বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো তথা ইউপপিএল দলে তেঁওক প্ৰাৰ্থী প্ৰক্ষেপ কৰাত অন্তৰৰ পৰা ধন্যবাদ জনায়। এইবাৰ ইউপিপিএলে পুনৰ আকৌ চৰকাৰ গঠন কৰি আছে আৰু শ্ৰীৰামপুৰ সমষ্টিটো বিপুল ভোটত জয়ী কৰাই প্ৰমোদ বড়োক উপহাৰ হিচাবে দিব বুলি হাছদাই উল্লেখ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
