গোলাঘাট, ২৩ আগষ্ট (হি.স.)। গোলাঘাট জিলাৰ দেৰগাঁৱত ২৩ টাকৈ কুকুৰ উদ্ধাৰ কৰা হৈছে । দেৰগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৩নং গেটত এখন বাহনৰ পৰা উদ্ধাৰ কৰা হয় ২৩ টাকৈ কুকুৰ ।
দেৰগাঁও আৰক্ষীৰ উপ পৰিদৰ্শক গীতাঞ্জলি শইকীয়াৰ নেতৃত্বত নিশা যোৱা এক টহলদাৰী দলৰ জালত পৰে এখন বাহন সহ কুকুৰ সৰবৰাহ কৰা দুজনকৈ লোক । ইতিমধ্যেই দেৰগাঁও আৰক্ষী থানাৰ চৌহদতে ৰখা হৈছে এই ২৩ টাকৈ কুকুৰ ।
উল্লেখযোগ্য যে বিগত বহুদিন ধৰি দেৰগাঁৱৰ ভিন্ন প্ৰান্তৰৰ পৰা এনেধৰণৰ কুকুৰ দুষ্ট চক্ৰ দ্বাৰা সৰবৰাহ হৈ আহিছে দেৰগাঁৱত । দেৰগাঁও আৰক্ষীয়ে এই সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে ।
—————
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
