লণ্ডন, ২৬ ছেপ্টেম্বৰ (হি.স.)। ইংলেণ্ডৰ নন-লীগ প্ৰিমিয়াৰ ডিভিজনত খেলি থকাৰ সময়তে আৰ্চেনাল একাডেমীৰ প্ৰাক্তন খেলুৱৈ বিলি ভিগাৰৰ মৃত্যু হৈছে। তেওঁৰ বয়স আছিল মাত্ৰ ২১ বছৰ।
বৃহস্পতিবাৰে চিচেষ্টাৰ চিটি এফ চিয়ে তেওঁৰ মৃত্যু নিশ্চিত কৰে। ইংৰাজী ফুটবল এছ’চিয়েশ্যনেও গভীৰ শোক প্ৰকাশ কৰি কয় যে, বিলি ভিগাৰৰ মৃত্যুত আমি গভীৰভাৱে দুখী। এই কঠিন সময়ত আমাৰ চিন্তা তেওঁৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু চিচেষ্টাৰ চিটি এফ চিৰ সকলোৰে সৈতে আছে।
আৰ্চেনাল এফ চিয়েও শোক প্ৰকাশ কৰি লিখিছে, “আমাৰ প্ৰাক্তন একাডেমী খেলুৱৈ বিলি ভিগাৰৰ মৃত্যুৰ খবৰটো অত্যন্ত আশ্বৰ্যকৰ আৰু দুখজনক।”
বিলি ভিগাৰ কোন আছিল?
২০১৭ চনত আৰ্চেনালৰ একাডেমীত যোগদান কৰা ফৰৱাৰ্ড ভিগাৰে ২০২২ চনত পেছাদাৰী চুক্তিত স্বাক্ষৰ কৰে।তেওঁক “শক্তিশালী আৰু বহুমুখী ফৰৱাৰ্ড” বুলি অভিহিত কৰা হয়। ডাৰ্বি কাউন্টিৰ হৈও তেওঁ ঋণত খেলিছিল আৰু শেহতীয়াকৈ চিচেষ্টাৰ চিটিৰ সদস্য আছিল।
কেনেকৈ সংঘটিত হ’ল দুৰ্ঘটনাটো?
যোৱা শনিবাৰে ভিগাৰে উইংগেট এণ্ড ফিঞ্চলি এফ চিৰ বিৰুদ্ধে খেলিছিল। তেওঁ কাষৰ বেৰত খুন্দা মৰাৰ ফলত মগজুত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু ক’মাত পৰে।
পৰিয়ালৰ এক বিবৃতিত কোৱা হৈছে যে, “মঙলবাৰে তেওঁৰ অস্ত্ৰোপচাৰ কৰা হৈছিল, যিটো কিছু উন্নত হোৱাৰ আশা কৰা হৈছিল, কিন্তু আঘাত ইমানেই ভয়াৱহ আছিল যে বৃহস্পতিবাৰে পুৱা (২৫ তাৰিখ) তেওঁৰ মৃত্যু হয়।”
শোকত ফুটবল জগতখন
এই দুৰ্ঘটনাৰ পিছতে শনিবাৰে লিউইছৰ বিৰুদ্ধে চিচেষ্টাৰৰ খেলখন পিছুৱাই দিয়া হৈছে। এই সপ্তাহৰ শেষৰ ফালে সকলো মেচৰ পূৰ্বে এক মিনিটৰ বাবে মৌনতা অৱলম্বন কৰা হ’ব, আৰু খেলুৱৈসকলে ক’লা আৰ্মবেণ্ড পিন্ধি খেলপথাৰত নামিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
