বাক্সা, ১৭ অক্টোবৰ (হি.স.): বাক্সাৰ ভাৰত- ভূটান সীমান্তত বিদ্যুৎস্পৃষ্ট হৈ এটি বনৰীয়া হাতীৰ কৰুণ মৃত্যু হয় ৷ জিলাখনৰ বাতাবাৰী আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত মধুপুৰত সংঘটিত হৈছে এই ঘটনা ৷
জানিব পৰামতে, ধাননি পথাৰ সুৰক্ষাৰ বাবে নিশা সংযোগ কৰিছিল বিদ্যুৎ পৰিবাহী তাঁৰ ৷ ৰবেন গয়াৰী নামৰ লোকজনে খেতিপথাৰত সংযোগ কৰিছিল বিদ্যুৎ পৰিবাহী তাঁৰ ৷ উল্লেখ্য যে বছৰ বছৰ ধৰি বাক্সা জিলাৰ উত্তৰাঞ্চলত বনৰীয়া হাতীয়ে উপদ্ৰপ চলাই আহিছে ৷ যাৰফলত বহু পৰিয়ালৰ ঘৰবাৰীৰ লগতে ধানখেতি হাতীয়ে খাই তহিলং কৰি আহিছে ৷ সেয়ে মধুপুৰৰ ৰবেন গয়াৰী নামৰ লোকজনে নিজৰ খেতিদৰা বনৰীয়া হাতীৰ পৰা ৰক্ষা কৰিবলৈ নিজৰ ঘৰত থকা ইনভাৰ্টাৰ পৰা বিদ্যুৎ পৰিবাহী তাঁৰ সংযোগ কৰিছিল ৷ কিন্তু দূৰ্ভাগ্যজনক ভাৱে ধাননি পথাৰত প্ৰৱেশ কৰা এটা হাতী কালি নিশা বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটি লয় ৷ সম্প্ৰতি বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ পৰ্যবেক্ষণ কৰাৰ লগতে ৰবেন গয়াৰীক আটক কৰিছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
