ডিমা হাছাও, ৩১ জানুৱাৰী : উত্তৰ-পূব জেলিয়াংৰং হেৰেকা সন্থাৰ সোণালী জয়ন্তী আৰু ৪২ সংখ্যক সাধাৰণ অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ অহা ৫ আৰু ৭ ফেব্ৰুৱাৰীত ডিমা হাচাও জিলালৈ আহিব অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যপাল গোলাবচন্দ কাটাৰিয়া। অহা ৫ ফেব্ৰুৱাৰীত ডিমা হাচাও জিলাৰ লোডিৰামত অনুষ্ঠিত উত্তৰ-পূব জেলিয়াংৰং হেৰেক্কা সন্থাৰ ৪২ সংখ্যক সাধাৰণ অধিৱেশনৰ প্ৰথম দিনটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব সৰ্বভাৰতীয় সাংগঠনিক সম্পাদক বিনায়ক ৰাও দেশপাণ্ডে।
দ্বিতীয় দিনা ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ আৰু শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোছা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব বিশ্ব হিন্দু পৰিষদ, উত্তৰ-পূব খণ্ডৰ সাংগঠনিক সম্পাদক ড০ দীনেশ তেৱাৰী। উত্তৰ-পূব জেলিয়াংৰং হেৰেক্কা সন্থাৰ সোণালী জয়ন্তী আৰু ৪২ সংখ্যক সাধাৰণ অধিৱেশনৰ তৃতীয় আৰু অন্তিম দিনটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ ৰাজ্যপাল গোলাবচন্দ কাটাৰিয়া। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব উত্তৰ কাছাৰ পাহাৰ স্ব-শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱোলাল গাৰ্লোছা। আৰু আৰ এছ এছৰ ইষ্ট নৰ্থ উইঙৰ ক্ষেত্ৰ প্ৰচাৰক উল্লাস কুলকাৰ্ণী।
ইয়াৰ উপৰিও ভূবন হিলছ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক পি কাবুই আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব। অখিল ভাৰতীয় (কল্যাণ আশ্ৰম)ৰ যুটীয়া সাংগঠনিক সম্পাদক ৰমেশ বাবু। ইফালে, তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া উত্তৰ-পূব জেলিয়াংগ্ৰং হেৰেক্কা সন্থাৰ সোণালী জয়ন্তী বৰ্ষৰ ৪২ সংখ্যক সাধাৰণ অধিৱেশনৰ বাবে হাফলঙৰ সমীপৰ লোদিৰামত প্ৰস্তুতি পূৰ্ণগতিত চলি আছে।
