আইজল, ১৭ অক্টোবৰ (হি.স.)। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা তথা সাংসদ ৰাহুল গান্ধীয়ে কয় যে শাসকীয় ভাৰতীয় জনতা পাৰ্টিয়ে মণিপুৰৰ দুয়োটা সম্প্ৰদায়ৰ মাজত সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰিছে। এই সম্প্ৰীতি পুনৰ ঘূৰাই আনিবলৈ বিজেপিক ইয়াৰ পৰাই উভালি পেলাব লাগিব।
দুদিনীয়া মিজোৰাম ভ্ৰমণৰ অন্তিম দিনা দিল্লীলৈ উভতি অহাৰ পূৰ্বে শুকুৰবাৰে স্থানীয় সাংবাদিকক সম্বোধন কৰি ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে কয় যে মিজোৰামৰ লগতে চাৰিখন ৰাজ্যত কংগ্ৰেছ চৰকাৰ গঠন হ’বলৈ গৈ আছে। মিজোৰামত কংগ্ৰেছ বৰ শক্তিশালী। বিজেপিৰ নীতিক লৈ আটাইকেইখন ৰাজ্যৰ জনসাধাৰণ বিচলিত হোৱা বুলিও তেওঁ কয়। কংগ্ৰেছৰ ৰাইজৰ পৰা অপৰিসীম সমৰ্থন। একাংশ ৰাজনৈতিক দলে কংগ্ৰেছক একাষৰীয়া কৰিবলৈ চেষ্টা চলাইছে যদিও এই সন্দৰ্ভত জনসাধাৰণৰ মাজত যথেষ্ট উৎসাহ দেখিবলৈ পোৱা গৈছে।
এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়া-ই দেশৰ সকলো সম্প্ৰদায়ক একত্ৰিত কৰাৰ ৰাজনীতি কৰে, আনহাতে বিজেপিয়ে ইয়াক ভংগ কৰাৰ ৰাজনীতি কৰিছে। সংবাদমেলত ৰাহুল গান্ধীয়ে সাংবাদিকসকলৰ বহু প্ৰশ্নৰ প্ৰত্যক্ষ উত্তৰ দিয়ে।
হিন্দুস্থান সমাচাৰ/শ্ৰীপ্ৰকাশ/মনোজ/অৰবিন্দ
