নতুন দিল্লী, ১৭ অক্টোবৰ (হি.স.)। উচ্চতম ন্যায়ালয়ে সমকামী বিবাহক আইনী স্বীকৃতি নিদিয়াৰ সিদ্ধান্তক আদৰণি জনাইছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু বিশ্ব হিন্দু পৰিষদে।
সংঘৰ সৰ্বভাৰতীয় প্ৰচাৰ মুৰব্বী সুনীল আম্বেকাৰে কয় যে সমকামী বিবাহ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত আদৰণীয়। আমাৰ গণতান্ত্ৰিক সংসদীয় ব্যৱস্থাই ইয়াৰ লগত জড়িত সকলো বিষয়ৰ ওপৰত গুৰুত্বসহকাৰে আলোচনা কৰি উপযুক্ত সিদ্ধান্ত ল’ব পাৰে।
ভিএইচপিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আলোক কুমাৰে কয় যে হিন্দু, মুছলমান আৰু খ্ৰীষ্টান পিতৃ-মাতৃকে ধৰি সংশ্লিষ্ট সকলো পক্ষৰ কথা শুনি উচ্চতম ন্যায়ালয়ত সমকামী বিবাহ সন্দৰ্ভত লোৱা সিদ্ধান্ত আদৰণীয়। উচ্চতম ন্যায়ালয়ে সমকামী বিবাহক পঞ্জীয়নৰ যোগ্য বুলি গণ্য নকৰা আৰু ইয়াক মৌলিক অধিকাৰৰ মৰ্যাদা নিদিয়াৰ সিদ্ধান্ত সন্তোষজনক পদক্ষেপ। লগতে সমকামীসকলক সন্তান দত্তক লোৱাৰ অধিকাৰ নিদিয়াটো এটা ভাল পদক্ষেপ।
হিন্দুস্থান সমাচাৰ/অনুপ/মনোজ/অৰবিন্দ
