• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > গৰুখুটি কৃষি প্ৰকল্পৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস সমাৰোহত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ
Regional

গৰুখুটি কৃষি প্ৰকল্পৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস সমাৰোহত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

CliQ INDIA
Last updated: July 22, 2025 12:10 pm
CliQ INDIA
Share
3 Min Read
SHARE

– প্ৰতি ইঞ্চি মাটি বেদখলৰ পৰা মুক্ত কৰাটো আমাৰ প্ৰতিশ্ৰুতি: মুখ্যমন্ত্ৰী

– গৰুখুটি স্বাৱলম্বী অসমৰ প্ৰতীকঃ মুখ্যমন্ত্ৰী

গুৱাহাটী, ২১ জুলাই (হি.স.)। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে দৰং জিলাৰ ছিপাঝাৰৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস উদযাপন সমাৰোহত অংশগ্ৰহণ কৰে। এই প্ৰকল্পটোক অসমৰ স্বাৱলম্বীতাৰ প্ৰতীক বুলি অভিহিত কৰি তেওঁ কয় যে ই ৰাজ্যখনৰ নতুন নিৰ্মাণৰ আধাৰ হৈ পৰিছে। এই উপলক্ষে তেওঁ ৰাজহুৱা কাম-কাজ বিভাগৰ অধীনত নিৰ্মিত এখন নতুনকৈ নিৰ্মিত দলং উদ্বোধন কৰে।

মুখ্যমন্ত্রীয়ে স্মৰণ কৰি কয় যে ২০২১ চনৰ ৭ জুনত মুখ্যমন্ত্রী হোৱাৰ পাছত তেওঁৰ প্রথমবাৰ গৰুখুটি ভ্ৰমণ কৰিছিল, তাৰ পাছত ৰাজ্যিক কেবিনেটে বেদখল আঁতৰাই এই কৃষি প্রকল্প আৰম্ভ কৰাৰ সিদ্ধান্ত লয়৷ ১৯৮৩ চনত দৰং-ছিপাঝাৰ অঞ্চলত বেদখল আঁতৰোৱাৰ সময়ত ২৩ জন লোকৰ মৃত্যুৰ কথাও স্মৰণ কৰি তেওঁ কয় যে এই অঞ্চলটো বেদখলমুক্ত হোৱাটো স্থানীয় ৰাইজৰ যুগ যুগীয়া আকাংক্ষা।

বৰ্তমান চৰকাৰৰ দিনত বৰছলা, লামডিং, বুঢ়াপাহাৰ, বটদ্ৰৱা, চাপৰ, পাইকান আদি অঞ্চলত ১.২৯ লাখ বিঘা ভূমি বেদখলৰ পৰা মুক্ত হোৱা বুলি উল্লেখ কৰে। তেওঁ কয় যে ওৰাঙত গঁড় আৰু বাঘৰ উপস্থিতি, লামডিঙৰ অৰণ্যত হাতীৰ উপস্থিতিৰ দৰে পৰিঘটনাসমূহ পৰিৱেশ ভাৰসাম্য পুনৰুদ্ধাৰৰ লক্ষণ। বুঢ়াপাহাৰত হাতী বাঘৰ চলাচলৰ বাবে মুকলি ঠাই, পাইকানত চেগুন আৰু শাল গছৰ পৰিৱেশ ঘূৰাই অনা আৰু বৰছলাৰ সৌৰশক্তিৰ প্ৰকল্প ইয়াৰ উদাহৰণ। লগতে গোলাঘাট জিলাৰ উৰিয়ামঘাটত বেদখল দূৰ কৰাৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও ঘোষণা কৰে।

গৰুখুটি প্ৰকল্পৰ অগ্ৰগতিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই প্ৰকল্পৰ পৰা এই বছৰ প্ৰায় ৫.০৫ কোটি টকা আয় হৈছে আৰু বৰ্তমান ইয়াত ৭.৬৪ কোটি টকা জমা আছে। এই প্ৰকল্পৰ অধীনত পশুপালন, বয়ন আৰু অন্যান্য কাম-কাজৰ জৰিয়তে আত্মনিৰ্ভৰশীলতাৰ এক নতুন নিদৰ্শন দাঙি ধৰা হৈছে।

মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে গৰুখুটিত কৃষি বিজ্ঞান প্ৰতিষ্ঠান স্থাপনৰ কথাও চিন্তা কৰিছে, যাতে যুৱক-যুৱতীসকলক জৈৱিক আৰু আধুনিক কৃষি কৌশলৰ প্ৰশিক্ষণ দিব পৰা যায়। প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত ৫৩৩ বিঘা মাটিত সংহত একুৱা পাৰ্ক স্থাপন কৰা হ’ব বুলিও তেওঁ অৱগত কৰে। ইয়াৰ সমান্তৰালকৈ এই প্ৰকল্পৰ সৈতে জড়িত কৃষি সৈনিকসকলৰ সন্মানীয় পদত ২০০০ টকা বৃদ্ধিৰ কথাও ঘোষণা কৰা হয়।

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে গৰুখুটিৰ বাসুদেৱ আজনামঘৰত প্ৰাৰ্থনা কৰি ৰাজ্যবাসীৰ সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰে। তেওঁ গছপুলি ৰোপণ কাৰ্যসূচীত অংশ গ্ৰহণ কৰাৰ লগতে পথাৰত গুটি ৰোপন কৰাৰ উপৰি কৃষি সৈনিকসকলক যাতায়তৰ সুবিধাৰ্থে চাইকেল বিতৰণ কৰে । লগতে কৰ্তব্যৰত অৱস্থাত ট্ৰেক্টৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱা পবিত্ৰ ভৰালীৰ পৰিয়াললৈ পাঁচ লাখ টকাৰ সাহায্য প্ৰদান কৰে।

এই কাৰ্যসূচীত গৰুখুটি কৃষি প্ৰকল্পৰ অধ্যক্ষ তথা বিধায়ক পদ্ম হাজৰিকা, বিধায়ক ড° পৰমানন্দ ৰাজবংশী, বসন্ত দাস, অসম মীন উন্নয়ন নিগমৰ প্ৰাক্তন অধ্যক্ষ গুৰুজ্যোতি দাস, সমাজকৰ্মী মুকুন্দ ডেকাকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

কাকজানত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে কাতি বিহু উদযাপন
তুলসীবাৰীত বীৰ শ্বহিদ সকলৰ আত্মাৰ সদ্গতি কামনাৰে মৌন প্ৰাৰ্থনা | BulletsIn
নগাঁও বিদেশী ন্যায়াধিকৰণৰ ১৫ জনক বিদেশী ঘোষণা কৰি বিতাড়নৰ নিৰ্দেশ
গোৱালপাৰা আৰু ধুবুৰী জিলাৰ সীমান্তৱৰ্তী নৈ পৰীয়া তথা চৰ অঞ্চল পোৰাভিটাত ভোগালী বিহু উদযাপন
গুলীবিদ্ধ তিনি যুৱকৰ চিকিৎসাৰ সম্পূৰ্ণ ব্যয় বহন কৰাৰ আশ্বাস আৰক্ষী অধীক্ষকৰ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article স্বাস্থ্যজনিত কাৰণত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰৰ পদৰ পৰা পদত্যাগ
Next Article ভাৰতত অক্টোবৰৰ পৰা নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব ফিডে ৱৰ্ল্ড কাপ প্ৰতিযোগিতা
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?