
কোকৰাঝাৰ, ১১ ছেপ্টেম্বৰ (হি.স.): কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিত বৃহস্পতিবাৰে বিজেপি মণ্ডলে ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ বিজেপি সদস্যসকলৰ বাবে শক্তি আশ্ৰম মুখ্য কাৰ্যলয়, ফকিৰাগ্ৰাম (UCO Bankৰ কাষত) নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যালয় আৰু ফকিৰাগ্ৰামৰ ধোপেৰতলত পৃথক পৃথক গুৰুত্বপূর্ণ বৈঠকৰ আয়োজন কৰে। এই বৈঠকত মুখ্য অতিথি হিচাপে বিজেপিৰ জ্যেষ্ঠ নেতা আৰু শক্তি মন্ত্ৰী প্ৰসন্তো ফুকোঁ, ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী অৰুপ কুমাৰ দে, মণ্ডল প্ৰভাৰী ড° দেবময় শান্যাল, জিলাৰ কাৰ্যনিৰ্বাহক আৰু সহ-প্ৰভাৰী পৰ্বতঝোরা মণ্ডল শিৱ শংকৰ সাহা, মণ্ডল সভাপতি চন্মোহন ৰয়, মহাসচিব সঞ্জয় দাস, অন্য মহাসচিব প্ৰসিদো বর্মন উপস্থিত আছিল।
লগতে ফকিৰাগ্ৰাম ভিচিডিচিৰ সকলো সভাপতি, সমগ্ৰ মঞ্চৰ সভাপতি, সম্পাদক আৰু বিজেপিৰ বহু সংখ্যক কার্যকৰ্তা বৈঠকত উপস্থিত আছিল। বৈঠকত আগন্তুক নিৰ্বাচনী প্ৰক্ৰিয়া, দলৰ ৰণনীতি আৰু কার্যকৰ্তাসকলৰ মাজত একতা আৰু অংশগ্ৰহণ শক্তিশালী কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছিল। উপস্থিত নেতাসকলে নিৰ্বাচনী ৰণনীতি বিস্তাৰিতভাৱে বিৱৰণ কৰি কার্যকৰ্তাসকলক আগন্তুক দায়িত্বৰ বাবে সজাগ থকাটোত গুৰুত্ব আৰোপ কৰিছিল।
এই আয়োজনৰ উদ্দেশ্য আছিল কার্যকৰ্তাসকলক প্ৰেৰণা যোগোৱা, বিজেপিৰ নীতি-নিয়ম বুজোৱা আৰু সকলো স্তৰত নিৰ্বাচনী প্ৰস্তুতিৰ অন্তিম ৰূপ প্ৰদান কৰা। সকলো উপস্থিত সদস্যই একতাবদ্ধ হৈ দলৰ সফলতাৰ বাবে প্ৰতিজ্ঞা প্ৰকাশ কৰিছিল আৰু বৰ্তমান বিটিচি পৰিষদীয় নিৰ্বাচনৰ ফকিৰাগ্ৰামৰ প্ৰাৰ্থী অৰূপ কুমাৰ দেক অধিক সংখ্যাগৰিষ্ঠতাৰে বিজয়ী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
