সমৰকণ্ড (উজবেকিস্তান), ১২ ছেপ্টেম্বৰ (হি.স.)। বিশ্ব চেম্পিয়ন ডি গুকেশৰ দুৰ্বল পৰ্যায় ফিডে গ্ৰেণ্ড সোৱিছ ২০২৫ ত অব্যাহত থাকিল আৰু তেওঁ একেৰাহে তৃতীয়বাৰৰ বাবে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। সপ্তম ৰাউণ্ডত ১৬ বছৰীয়া তুৰ্কী গ্ৰেণ্ডমাষ্টাৰ এডিজ গুৰেলে গুকেছক পৰাস্ত কৰে।
আমেৰিকাৰ অভিমন্যু মিশ্ৰ আৰু গ্ৰীচৰ নিকোলাছ থিওডৰৰ হাতত পৰাস্ত হোৱাৰ পিছত তেওঁ জিৰণি দিনটোৰ সুবিধা পাব বুলি আশা কৰা হৈছিল যদিও এণ্ডগেমত ভুল পদক্ষেপৰ বাবে তেওঁ উট হেৰুৱাই পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। এতিয়া গুকেশৰ হাতত ৭ ৰাউণ্ডৰ অন্তত মাত্ৰ ৩ পইণ্ট আৰু খিতাপৰ প্ৰতিদ্বন্দ্বিতাত থাকিবলৈ বাকী সকলো মেচতে জয়ী হ’ব লাগিব।
আনহাতে ভাৰতৰ গ্ৰেণ্ডমাষ্টাৰ নিহাল ছাৰিনে সুন্দৰ খেল প্ৰদৰ্শন কৰি ইৰাণৰ পৰহাম মাগছুদলুক পৰাস্ত কৰি যৌথ অগ্ৰগতি লাভ কৰে। নিহালৰ লগতে জাৰ্মানীৰ জিএম মাথিয়াছ ব্লুবামেও ৫.৫ পইণ্টেৰে শীৰ্ষত আছে। ব্লুবামে ভাৰতৰ অৰ্জুন এৰিগাইছিক পৰাস্ত কৰে।
সাতজন খেলুৱৈ — য’ত আছে বিদিত গুজৰাথী, আলিৰেজা ফিৰৌজজা (ইৰাণ-ফ্ৰান্স), উজবেকিস্তানৰ নাদিৰবেক আব্দুছাট’ৰভ আৰু আমেৰিকাৰ হান্স নিমেন আৰু অভিমান্যু মিশ্ৰা — পাঁচ পইণ্টেৰে দ্বিতীয় স্থানৰ বাবে সমতা স্থাপন কৰিছে।
ইজৰাইলৰ জি এম মেক্সিম ৰডষ্টেইনক পৰাস্ত কৰি আৰ প্ৰজ্ঞানানন্দা ৪.৫ পইণ্টলৈ আগবাঢ়ি যায়। এৰিগাইছি আৰু প্ৰণৱ ভেংকটেশৰো একে স্ক’ৰ।
মহিলা শাখাত ভাৰতৰ ডিফেণ্ডিং চেম্পিয়ন বৈষ্ণৱী (বৈশালি) ৰমেশবাবুৱে চীনৰ আই এম গুও চিক পৰাস্ত কৰি পুনৰ একমাত্ৰ অগ্ৰগতি লাভ কৰে। এই প্ৰতিযোগিতাত তেওঁৰ এই পঞ্চমটো জয়। জি এম দিব্য দেশমুখেও জয় পঞ্জীয়ন কৰে।
মন কৰিবলগীয়া যে পুৰুষ আৰু মহিলা শাখাৰ শীৰ্ষ দুগৰাকী খেলুৱৈয়ে ২০২৬ চনৰ প্ৰাৰ্থী প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰিব, যিয়ে পৰৱৰ্তী বিশ্ব চেম্পিয়নশ্বিপ মেচৰ বাবে প্ৰত্যাহ্বানকাৰীক নিৰ্ণয় কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
