ধুবুৰী, : ধুবুৰীত যোৱাকালি সন্ধিয়া সংশোধিত নাগৰিকত্ব আইন চমুকৈ কাৰ বিৰুদ্ধে আছুৱে জোৰ সমদল বাহিৰ কৰে। ইফালে সমদলত মাছাল লোৱাত বাধা প্ৰদান কৰে ধুবুৰী আৰক্ষীয়ে। ইয়াকে লৈ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত তৰ্কাতৰ্কিও হয়।
ধুবুৰী সাহিত্য সভাৰ পৰা মাছাল লৈ সমদল উলিওৱাত বাধা প্ৰদান কৰে আৰক্ষীয়ে। পিছত ধুবুৰী জিটিবি ৰোডেৰে ধুবুৰী বাছ স্থানলৈ জোৰ সমদল উলিয়ায় । কা বিৰোধিতাৰে উত্তাল প্ৰতিবাদ সাব্য়স্ত কৰে ধুবুৰী জিলা আছুয়ে। কা আমি নামানো, কা মানি লোৱা নহ’ব, সৰ্বানন্দ সোণাৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি ধ্বনিৰে প্ৰতিবাদ কৰে আছুৰ সদস্য়সকলে।
