নগাঁও, ০২ অক্টোবৰ (হি.স.)। বিগত চাৰিদিন ধৰি সন্ধানহীন হৈ আছে ৰহাৰ মনিপুৰটুপৰ এগৰাকী বিবাহিতা মহিলা।ৰহাৰ সমীপৱৰ্তী মনিপুৰটুপৰ তিনি সন্তানৰ মাতৃ ৩৩ বছৰীয়া জেচমিনা বেগম নামৰ বোৱাৰী গৰাকী নিৰুদ্দেশৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি কৰিছে। উল্লেখ্য,যোৱা ২৮ চেপ্তেম্বৰৰ দুপৰীয়া বজাৰলৈ বুলি ওলাই যোৱাৰ পৰাই নিৰুদ্দেশ হৈ আছে মহিলা গৰাকী। ইতিমধ্যে মহিলা গৰাকীক বিভিন্ন স্থানত বিচাৰি কোনো সম্ভেদ লাভ নকৰি ৰহা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে স্বামী ফুৰকান আলীয়ে। যদি কোনো লোকে মহিলা গৰাকীৰ সম্ভেদ পায় ৭০০২৩৩৭৭৯৪ এই নম্বৰত যোগাযোগ কৰিব আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
