গোলাঘাট, ০৩ ছেপ্তেম্বৰ (হি.স.): শাৰদীয় দুৰ্গতিনাশিনী দুৰ্গা পূজালৈ মাজত মাথোঁ আৰু কেইটামান দিন। ব্যস্ততাৰ অন্ত নাই মৃৎশিল্পী সকলৰ লগতে দুৰ্গা পূজা আয়োজক সমিতিসমূহৰ। বোকাখাতৰ কুৰুৱাবাহী মা মনসা শিল্পালয় ৰ খনিকৰ সকল দিনে-নিশাই ব্যস্ত মৃণ্ময় প্ৰতিমা নিৰ্মাণ কৰাত।
মা মনসা শিল্পালয়ৰ স্বত্বাধিকাৰী মানিক পালৰ লগতে খনিকৰ সকলে খেৰ, বাঁহ,মাটিৰে জীৱন্ত ৰূপ দিবলৈ চেষ্টা কৰিছে প্ৰতিমা সমূহত। প্ৰায় ২৫ বছৰে এই মা মনসা শিল্পালয়ে বোকাখাতৰ বিভিন্ন অঞ্চললৈ প্ৰতিমাৰ যোগান ধৰি আহিছে। এইবছৰো ইয়াৰ ব্যতিক্ৰম নহয়, প্ৰায় কুৰিটাতকৈ অধিক দুৰ্গা পূজা সমিতিৰ বাবে প্ৰতিমা নিৰ্মাণ কৰি আছে খনিকৰ সকলে।
উল্লেখ্য যে মানিক পালে স্থানীয় কেইবাজনো যুৱকক প্ৰতিমা নিৰ্মাণৰ কাম শিকাই নিপুণ কৰি সকলোৰে সমাদৰ লাভ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
