নতুন দিল্লী, ১২ ছেপ্টেম্বৰ (হি.স.)। নৱনিৰ্বাচিত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি শপত গ্ৰহণ কৰিব । ৰাতিপুৱা ১০ বজাত ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁক শপত গ্ৰহণ কৰোৱাব। যোৱা মঙলবাৰে অনুষ্ঠিত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধী প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীক পৰাস্ত কৰি ৰাধাকৃষ্ণনে জয়লাভ কৰে। যোৱা ২১ জুলাইত প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে হঠাৎ পদত্যাগ কৰাৰ পিছতে এই নিৰ্বাচন অনুষ্ঠিত কৰা হয়।
মঙলবাৰে দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় ৰাধাকৃষ্ণণ। ৰাজ্যসভাৰ সাধাৰণ সম্পাদক তথা নিৰ্বাচনী বিষয়া পি চি মোদীয়ে ফলাফল ঘোষণা কৰি কয় যে ৭৮১ জন সাংসদৰ ভিতৰত ৭৬৭ জন সাংসদে ভোটদান কৰি ৯৮.২ শতাংশ ভোটদান পঞ্জীয়ন কৰে।
এন ডি এৰ প্ৰাৰ্থী ৰাধাকৃষ্ণণে ৪৫২ টা ভোট লাভ কৰাৰ বিপৰীতে বিৰোধী প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীয়ে ৩০০ টা ভোট লাভ কৰে। ফলাফল ঘোষণাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চি পি ৰাধাকৃষ্ণণক অভিনন্দন জনোৱাৰ লগতে নৱনিৰ্বাচিত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ সাংবিধানিক মূল্যবোধক আৰু অধিক শক্তিশালী কৰি তুলিব আৰু সংসদীয় আলোচনাত ইতিবাচক অৱদান আগবঢ়াব বুলি আস্থা প্ৰকাশ কৰে।
উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পিছত ৰাধাকৃষ্ণণে মহাৰাষ্ট্ৰৰ ৰাজ্যপালৰ পদ ত্যাগ কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰপতিগৰাকীয়ে নিজৰ কৰ্তব্যৰ উপৰিও গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰতক মহাৰাষ্ট্ৰৰ ৰাজ্যপালৰ দায়িত্ব অৰ্পণ কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
