শোণিতপুৰ, ১৬ অক্টোবৰ(হি.স.)। পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি শোণিতপুৰৰ বৰঘাটত উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়। স্থানীয় ৰাইজে বৰঘাট বজাৰত পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যুক কেন্দ্ৰ কৰি একাংশ লোকে মৰিয়াই হত্যা কৰে ডাম্পাৰ চালকক। ইফালে ডাম্পাৰ চালকৰ হত্যাকাৰীক শাস্তি প্ৰদানৰ লগতে ক্ষতি পূৰণৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
উল্লেখযোগ্য যোৱা কালি তেজপুৰ শালনীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত সোনাবিল মালিজানত বিয়লি ২.৪০ মান বজাত এক পথ দুৰ্ঘটনা সংঘটিত হয়। পথ দুৰ্ঘটনাত এএছ ১২ চিচি ২২০৮ নম্বৰৰ ডাম্পাৰখনে ৬২ বছৰীয়া ৰামনাথ ঘাটোৱাৰ নামৰ এজন ব্যক্তিক খুন্দা মৰাৰ ফলত থিতাতে নিহত হয়। ৰামনাথ ঘটোৱাৰ নামৰ লোক জনৰ মৃত্যুৰ বাতৰি প্ৰচাৰ হোৱাৰ লগে লগে ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। উত্তেজিত একাংশ লোকে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ খনত অগ্নি সংযোগ কৰি বিস্তৰ ক্ষতি সাধন কৰে। ইয়াৰ উপৰিও খলিহামাৰি গাঁৱৰ আলাল উদ্দিন নামৰ ডাম্পাৰ চালক জনক নিৰ্মম ভাৱে মাৰধৰ কৰে।
ইফালে শালনীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে চালক জনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও আজি পুৱা আনুমানিক ১১ মান বজাত চিকিৎসকে চালক জনক মৃত বুলি ঘোষণা কৰে। ডাম্পাৰ চালক আলাল উদ্দিনৰ মৃত্যুক কেন্দ্ৰ কৰি কালি আবেলি বৰঘাট বজাৰত স্থানীয় ৰাইজ আৰু দল সংগঠনে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদী দল সংগঠন আৰু ৰাইজে হত্যাৰ অভিযোগ উত্থাপন কৰি হত্যাকাৰীক উপযুক্ত শাস্তি প্ৰদান কৰাৰ লগতে ডাম্পাৰ চালক আলাল উদ্দিনৰ পৰিয়ালক ২০ লাখ টকা ক্ষতি পূৰণৰ দাবী উত্থাপন কৰি শোণিতপুৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্তৰ হাতত এক স্মাৰক পত্ৰ প্ৰদান কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/অৰবিন্দ
