নতুন দিল্লী, ১৬ অক্টোবৰ (হি.স.)। মিছন গগন মহাকাশযানৰ প্ৰথমটো পৰীক্ষামূলক উৰণৰ কাউণ্টডাউন আৰম্ভ হৈছে। ভাৰতীয় মহাকাশ অনুসন্ধান সংগঠন (ইছৰো)-এ সোমবাৰে জনোৱা মতে, এই পৰীক্ষামূলক উৰণৰ বাবে মিছন গগনযানৰ ফ্লাইট টেষ্ট ভেহিকেল এবৰ্ট মিছন (টিভিডি-১) অহা ২১ অক্টোবৰত নিৰ্ধাৰণ কৰা হৈছে। এই পৰীক্ষামূলক উৰণ ২১ অক্টোবৰৰ পুৱা ৭ বজাৰ পৰা ৯ বজাৰ ভিতৰত শ্ৰী হৰিকোটাৰ পৰা অনুষ্ঠিত হ’ব।
এই পৰীক্ষাৰ জৰিয়তে ইছৰোৱে ক্ৰু এস্কেপ চিষ্টেমৰ ফলপ্ৰসূতাও পৰীক্ষা কৰিব। “গগন য়ান” মিছনৰ এইটো এটা অতি গুৰুত্বপূৰ্ণ অংশ। ইয়াৰ সহায়ত ভাৰতে ২০২৪ চনৰ ভিতৰত মানৱবিহীন আৰু মানৱসহ মহাকাশ অভিযান প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে। মন কৰিবলগীয়া যে মিছন গগনযান হৈছে এটা গুৰুত্বপূৰ্ণ মানৱসহ মহাকাশ অভিযান যাৰ চাৰিটা পৰ্যায় আছে। ২১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব এই অভিযানৰ প্ৰথম পৰ্যায়। এই ব্যৱস্থাটো পৰীক্ষা কৰিবলৈ আৰু তিনিখন পৰীক্ষামূলক যান হ’ব টিভি-ডি২, টিভি-ডি৩ আৰু টিভি-ডি৪। শেহতীয়াকৈ ইছৰোৱে ইয়াৰ এটা টুইটৰ জৰিয়তে জনাইছিল যে ক্ৰু এস্কেপ চিষ্টেমৰ কাম-কাজ প্ৰদৰ্শন কৰা ফ্লাইট টেষ্ট ভেহিকেল এবৰ্ট মিছন-১ (টিভি-ডি১)ৰ প্ৰস্তুতি চলি আছে।
হিন্দুস্থান সমাচাৰ/ বিজয়লক্ষ্মী/মনোজ/অৰবিন্দ
