নগাঁও, ৩১ ডিচেম্বৰ (হি.স.): নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত ৰাঙলুবস্তি গাঁৱৰ এজন যুৱক পাঁচদিন ধৰি সন্ধানহীন হোৱাত অঞ্চল জুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য । যোৱা বৃহস্পতিবাৰে বিয়লি ৩ মান বজাত ঘৰৰ পৰা কচুৱা বজাৰত যোৱাৰ কথাকৈ নিৰুদ্দেশ হৈছে ইছব আলি নামৰ ৩৮ বছৰীয়া নামৰ যুৱকজন।
পাঁচ দিন ধৰি পৰিয়ালৰ লোক বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰি কোনো সন্ধান নোপোৱাত মঙলবাৰে কচুৱা আৰক্ষী থানাত এক লিখিত অভিযোগ দিয়াৰ লগতে সংবাদ মাধ্যমৰ জৰিয়তে অসমবাসী ৰাইজলৈ কাতৰ আহ্বান জনাইছে পৰিয়ালৰ লোক। যদি কোনো সদাসয় লোকে এই যুৱক জনৰ সম্ভেদ পায় তেন্তে 9101758288নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
