নগাঁও : নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষীয়ে পৃথকে পৃথকে ড্ৰাগছ বিৰোধী অভিযান চলাই যোৱাকালি নিশা আটক কৰে দুই সৰবৰাহকাৰী। ৰূপহীহাটৰ কুচগাৱঁত আৰু তামুলীটুপত অভিযান চলাই আটক কৰে ৰশীদুল হক আৰু বিল্লাল উদ্দীন নামৰ দুই সৰবৰাহকাৰীক।
আটকাধিন ড্ৰাগছ সৰবৰাহকাৰীকেইজনৰ পৰা এটা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে। সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ড্ৰাগছ সৰবৰাহকাৰী ৰশিদুল হক আৰু বিল্লাল উদ্দীনক।
