• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > নলবাৰীৰ ইতিহাস প্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয়ত আজিৰে পৰা আৰম্ভ শাৰদীয় দূৰ্গা পূজা
Regional

নলবাৰীৰ ইতিহাস প্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয়ত আজিৰে পৰা আৰম্ভ শাৰদীয় দূৰ্গা পূজা

CliQ INDIA
Last updated: October 15, 2023 6:13 pm
CliQ INDIA
Share
2 Min Read
SHARE

নলবাৰী, ১৫ অক্টোবৰ (হি স)। নলবাৰীৰ ইতিহাস প্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয়ত আজিৰে পৰা আৰম্ভ হৈছে শাৰদীয় দূৰ্গা পূজা। এইবাৰ মহানৱমীৰ দিনা উচৰ্গা সহ বলি প্ৰদান কৰা হ’ব ৬১ টাকৈ ম’হ। প্ৰায় ৪৫ লক্ষ টকা ব্যয়ৰে উদযাপন কৰাৰা প্ৰস্তুতি চলোৱা হৈছে প্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয়ত ঐতিহাসিক দুৰ্গা পূজা মহোৎসৱ৷ আজি শৈলপুত্ৰী ৰূপত দেৱীক প্ৰতিস্থা কৰি পুৱাৰে পৰা দেৱালয়ত আৰম্ভ হৈছে পূজা অৰ্চনাৰ লগতে বলি প্ৰদানৰ দৰে মাংগলিক কাৰ্য ৷

ৰজা নাগক্ষৰ দিনৰে পৰা নলবাৰী জিলাৰ ইতিহাস প্ৰসিদ্ধ শৈৱপীঠ শ্ৰীশ্ৰী বিল্বেশ্বৰ দেৱালয়ত জাকজমকতাৰে শাৰদীয় দুৰ্গা পূজা এইবেলি দহ দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে ৷ সমাগত শাৰদীয় দুৰ্গা পূজাকলৈ প্ৰস্তুতি তুংগত উঠিছে উদ্যোক্তা সকলৰ ৷ অতি ব্যয় বহুল বিল্বেশ্বৰ দেৱালয়ত উদযাপন কৰিবলৈ লোৱা দুৰ্গা পূজা পৰিচালনা কৰাৰ বাবে ইতিমধ্যে ৪৫ লাখ টকা ধাৰ্য্য কৰা হৈছে ৷ ইয়াৰ ভিতৰত এইবাৰ দুৰ্গা পূজালৈ আগমন ঘটা লাখ লাখ ভক্তক আকৰ্ষণ কৰিব চুবুৰীয়া ৰাজ্য কলকতাৰ পৰা অনা ১৬ লাখ টকাৰ ভিন্ন ৰঙী বৈদ্যুতিক লাইটে ৷ নানা ৰঙী লাইটৰ কাৰিকৰী কৌশলে পোহৰাই তুলিব বিল্বেশ্বৰ দেৱালয়ৰ চৌপাশ ৷

ইপিনে শিশুৰ পৰা বৃদ্ধলৈ এইবাৰ সকলোকে আমোদ দিব মিনা বজাৰে ৷ আনহাতে প্ৰতিবছৰৰ দৰে এইবাৰো ভ্ৰাম্যমাণ জগতত খলকনি লগোৱা ব্যয় বহুল দুখনকৈ ভ্ৰাম্যমাণ নাট্য দল ইতিহাস আৰু আবাহন থিয়েটাৰে নাট প্ৰদশৰ্ন কৰিব ৷ আনহাতে ১৫ অক্টোবৰ পৰা ২৪ অক্টোবৰলৈ দহ দিনীয়া কাৰ্যসূচীৰে বিল্বেশ্বৰ দেৱালয়ত দুৰ্গা পূজা অনুষ্ঠিত কৰা হ’ব ৷ নকলেও হ’ব যে প্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয়ত ৰাম গছৰ কলপুলিৰে দেৱীক প্ৰতিস্থা কৰি পূজা অৰ্চনা কৰা হয় ষষ্ঠীৰ পৰা ৷ ইয়াত কোনো ধৰণৰ মুৰ্তি পূজা কৰা নহয় ৷ সেয়ে এইবাৰো ব্যতিক্ৰম নহয় নৱমীৰ দিনা ম’হ বলি দিয়া মাংগলিক অনুষ্ঠানৰ ৷

প্ৰতিবছৰৰ দৰে এইবাৰো দেৱী দুৰ্গাৰ চৰণত উচৰ্গাৰ লগতে বলি দিয়া হ’ব ৬১ টাকৈ ম’হ ৷ লগতে বলি প্ৰদান কৰা হ’ব সহস্ৰাধিক পঠা ছাগলীৰ লগতে হাহঁ পাৰ চৰাই আদি ৷ দুৰ্গোৎসৱ প্ৰায় এক লক্ষ ভক্তৰ মাজত বিতৰণ কৰা হয় ভোগ ৷ লগতে পৰম্পৰাগতভাবে প্ৰতিবছৰে বিল্বেশ্বৰ দেৱালয়ত শাৰদীয় দুৰ্গা পূজাৰ মহা নৱমীৰ দিনটোত দেৱীৰ ওচৰত ম’হ বলি দিয়া মাংগলিক অনুষ্ঠানত ৰাজ্যৰ লগতে দেশ বিদেশৰ অগণন ভক্তৰ সমাগম হয় ৷

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ

You Might Also Like

কা বাতিলৰ দাবীত ডিমুত এজেৱাইচিপিৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ
টেঙাখাত পানধুৱা গাঁৱত নৃশংস হত্যা কাণ্ড
নগাঁৱৰ লাইলুৰিত বিদ্যুতপৃষ্ঠ হৈ এজন নিহত
তেজপুৰৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোক চিত্ৰ শিল্পী নলিনী বৰুৱা গুৰুতৰভাবে অসুস্থ
‘দহ চহৰ, এক ৰূপায়ণ’ শীৰ্ষক ধাৰণাৰ ৰূপায়ণ সন্দৰ্ভত জনতা ভৱনত গুৰুত্বপূৰ্ণ বৈঠক

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article গৌৰীপুৰত মহালয়াৰ বিশাল সাংস্কৃতিক সন্ধিয়া
Next Article ৰহাৰ পূব শালমৰাত দুষ্প্ৰাপ্য কাছ উদ্ধাৰ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?