নগাঁও, ১৫ অক্টোবৰ (হি স)। নগাঁও জিলাৰ ৰহাৰ পূব শালমৰাত দুষ্প্ৰাপ্য কাছ উদ্ধাৰ কৰা হৈছে। স্থানীয় যুৱক দীনেশ দাসে উদ্ধাৰ কৰে কাছটো। দেওবাৰে ৰহা বজাৰৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত পথৰ কাষতে প্ৰত্যক্ষ কৰে দুষ্প্ৰাপ্য কাছটো।
পিচত স্থানীয় আন দুজন যুৱক ক্ৰমে ৰাজেশ দাস আৰু পংকজ দাসৰ সহযোগত দীনেশে দুষ্প্ৰাপ্য কাছটো উদ্ধাৰ কৰি ৰহাৰ পুৰণা দলঙৰ তলত কলং নৈত এৰি দিয়ে। যুৱক কেইজনৰ এই প্ৰকৃতিপ্ৰেমক সকলোৱে প্ৰশংসা কৰিছে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
