• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > ‘দহ চহৰ, এক ৰূপায়ণ’ শীৰ্ষক ধাৰণাৰ ৰূপায়ণ সন্দৰ্ভত জনতা ভৱনত গুৰুত্বপূৰ্ণ বৈঠক
Regional

‘দহ চহৰ, এক ৰূপায়ণ’ শীৰ্ষক ধাৰণাৰ ৰূপায়ণ সন্দৰ্ভত জনতা ভৱনত গুৰুত্বপূৰ্ণ বৈঠক

CliQ INDIA
Last updated: December 20, 2023 2:30 am
CliQ INDIA
Share
3 Min Read
SHARE

–মন্ত্ৰী অশোক সিংহল, অজন্তা নেওগ আৰু সঞ্জয় কিষাণৰ লগতে আঠগৰাকী বিধায়কৰ অংশগ্ৰহণ

গুৱাহাটী, ১৯ ডিছেম্বৰ(হি.স.)। ৰাজ্যৰ নগৰাঞ্চলৰ সু-পৰিকল্পিত আৰু দ্ৰুত বিকাশৰ দিশত এক বিশেষ পদক্ষেপ হিচাপে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে হাতত লোৱা ‘দহ চহৰ, এক ৰূপায়ণ’ শীৰ্ষক ধাৰণাৰ ৰূপায়ণ সন্দৰ্ভত ৰূপৰেখা যুগুতৰ বাবে আজি জনতা ভৱনস্থিত মন্ত্ৰী অশোক সিংহলৰ কাৰ্যালয়ৰ সভাকক্ষত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়৷ বিত্তমন্ত্ৰী অজন্তা নেওগ তথা শ্ৰম আৰু নিয়োগ মন্ত্ৰী সঞ্জয় কিষাণৰ লগতে বিভিন্ন সমষ্টিক প্ৰতিনিধিত্ব কৰা আঠগৰাকী বিধায়কে অংশগ্ৰহণ কৰা এই বৈঠকত ৰাজ্যৰ বাৰখন চহৰৰ পৌৰ এলেকাৰ ত্বৰান্বিত উন্নয়নৰ বাবে হাতত ল’ব খোজা বিভিন্ন পদক্ষেপ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয় ৷

এই চহৰসমূহ হৈছে শিলচৰ, ডিব্ৰুগড়, নগাঁও, বঙাইগাঁও, বিশ্বনাথ চাৰিআলি, কৰিমগঞ্জ, তিনিচুকীয়া, গোলাঘাট, যোৰহাট, তেজপুৰ, শিৱসাগৰ আৰু উত্তৰ লখিমপুৰ৷ এই চহৰসমূহত উপযুক্ত নগৰ পৰিকল্পনা, গোটা আৱৰ্জনা ব্যৱস্থাপনা, বিশুদ্ধ আৰু নিয়মীয়া পানীযোগান, ৰাজহুৱা আন্তঃগাঁথনি, যান-বাহন ব্যৱস্থাপনা, ষ্ট্ৰীট লাইট আৰু মুকলি স্থান, উদ্যান, জলাশয় আদিৰ দৰে সেউজ-নীল উপাদানৰ যাৱতীয় ৰূপায়ণ সন্দৰ্ভত বৈঠকত অংশগ্ৰহণকাৰীসকলে নিজস্ব মতামত আগবঢ়ায় ৷

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভনে এক প্ৰেজেণ্টেশ্যনযোগে ‘দহ চহৰ, এক ৰূপায়ণ’ শীৰ্ষক ধাৰণাৰ সবিশেষ ব্যাখ্যা কৰে৷ নিৰ্দিষ্ট চহৰসমূহত মানৱ সম্পদৰ সামৰ্থ্য বৃদ্ধি আৰু উপযুক্ত ব্যৱস্থাপনা, পৌৰ সেৱাসমূহ অনলাইন বা ডিজিটেল মাধ্যমেৰে প্ৰদান আৰু বিত্তীয় আন্তঃগাঁথনি শক্তিশালীকৰণৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয় ৷

প্ৰস্তাৱিত চহৰসমূহত নগৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত কনফাৰেন্স হল, নগৰ সৌন্দৰ্যবৰ্ধন, মুকলি আকাশৰ তলত থিয়েটাৰ, পেভিলিয়ন, যাতায়াত নিয়ন্ত্ৰণ ব্যৱস্থা, কনভেনচন চেণ্টাৰ, চক বজাৰ, ক্ৰীড়া প্ৰকল্প¸ জলাশয় উন্নয়ন আদি কাম-কাজ হাতত লোৱাৰ লগতে অসম চৰকাৰৰ নগৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত কনভেনচন চেণ্টাৰ, টাউন হল, উদ্যান তথা মুকলি স্থান, আন্তঃৰাজ্যিক বাছ আস্থান আৰু ৰাজহুৱা স্থান সৌন্দৰ্যবৰ্ধনৰ কাম-কাজ তদাৰক কৰিব৷ পৌৰ প্ৰশাসন সঞ্চালকালয়ে ষ্ট্ৰীট লাইট আৰু পেভাৰ ব্লক ষ্ট্ৰীটৰ কাম চোৱা-চিতা কৰাৰ বিপৰীতে অটল মিছন ফৰ ৰিজুভেনেচন এণ্ড আৰ্বান ট্ৰেন্সফৰ্মেচন (অম্ৰুট) আৰু ৰাজ্যিক অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ অধীনত পানী যোগান, জলাশয় আৰু উদ্যান উন্নয়নৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব৷ একেদৰে স্বচ্ছ ভাৰত অভিযান (নগৰাঞ্চল)ৰ জৰিয়তে ঘৰৰ দুৱাৰডলিৰ পৰা কঠিন আৱৰ্জনা সংগ্ৰহ, আৱৰ্জনা প্ৰক্ৰিয়াকৰণ, আৰু জাৱৰ পেলোৱা স্থানসমূহত আৱৰ্জনা নিষ্কাশনৰ দৰে পদক্ষেপক সামৰি লোৱা হ’ব ৷

আজিৰ বৈঠকত বিধায়কসকল ক্ৰমে হিতেন্দ্ৰনাথ গোস্বামী (যোৰহাট), ফণীভূষণ চৌধুৰী (বঙাইগাঁও), প্ৰশান্ত ফুকন (ডিব্ৰুগড়), প্ৰমোদ বৰঠাকুৰ (বিশ্বনাথ), পৃথ্বীৰাজ ৰাভা (তেজপুৰ), ৰূপক শৰ্মা (নগাঁও), মানৱ ডেকা (লখিমপুৰ) আৰু দীপায়ন চক্ৰৱৰ্তী (শিলচৰ)ৰ লগতে বঙাইগাঁও, বিশ্বনাথ চাৰিআলি, কৰিমগঞ্জ, নগাঁও, তিনিচুকীয়া, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, শিৱসাগৰ, উত্তৰ লখিমপুৰ আদি পৌৰসভাৰ পৌৰপতি অথবা উপ-পৌৰপতিসকলেও অংশ লয়৷ বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিব পলাশ বৰুৱাৰ লগতে পৌৰ প্ৰশাসন সঞ্চালকালয়, অম্ৰুট, স্বচ্চ ভাৰত মিছন (নগৰীয়া), নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয় আদিৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ৷

হিন্দুস্থান সমাচাৰ/আলোক/মনোজ

You Might Also Like

গহপুৰত ৩০ফুট উচ্চতাৰ ৰাৱনৰ বিশাল প্ৰতিকৃতি তৈয়াৰ
সশস্ত্ৰ সীমা বলৰ তেজপুৰ শালনীবাৰী প্ৰশিক্ষণ কেন্দ্ৰত দীক্ষান্ত সমাৰোহ
চাপৰত আৰক্ষীৰ অভিযানত তীৰ খেলৰ সামগ্ৰীৰ লগতে এজনক আটক
বিটিচি নিৰ্বাচনৰ সময়ছোৱাত কোকৰাঝাৰত ড্ৰাই ডেৰ ঘোষণা
মণিপুৰ আৰক্ষীৰ ২৩৭ জন লোকক আটক

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article প্ৰধানমন্ত্ৰীৰ স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ প্ৰতি আগ্ৰহ প্ৰকাশ
Next Article শিৱসাগৰ জিলাৰ আমগুৰিত মাৰণাস্ত্ৰসহ চাৰিজনকৈ যুৱক আটক
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?