নগাঁৱ, ১৯ ছেপ্টেম্বৰ (হি.স.)। নগাঁৱৰ লাইলুৰিত নিশা অঘটন। ৩৩ হাজাৰ ভল্টেজৰ বিদ্যুৎ পৰিবাহী তাৰৰ সংস্পৰ্ষত আহি এজন নিহত ।
নিহত লোকজনক লাইলুৰীৰ আব্দুল মালেক বুলি জানিব পৰা গৈছে। নিশা মাছ মাৰিবলৈ যোৱা পথতে মৃত্যু হয় লোকজনৰ। মাছ মৰা সজুঁলি বিদ্যুৎৰ তাৰৰ সংস্পৰ্ষত আহি কৰুণ মৃত্যুক আকোঁৱালি লয় ৪৫ বছৰীয়া আব্দুল মালেক নামৰ লোকজন।
বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে উক্ত ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ স্থানীয় লোকৰ। ঘটনা স্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে মৰোনত্তৰ পৰীক্ষাৰ বাবে নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে মৃতদেহটো।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
